প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৯ জুলাইঃ জুলাই ২৮, সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন।
সকলোৰে আপোন কবি জনাৰ ওপজা দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কবি সমাজ, সাহিত্য অনুৰাগীৰ লগতে সদৌ অসম কবি সন্মিলনৰ অন্যতম শাখা বেলতলা কবি সন্মিলনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত কবি জনাৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়।
দিনৰ এক বজাৰ আৰম্ভ হোৱা আলোচনা চক্ৰ আৰু কবি মেল সঞ্চালনা কৰে কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি চামচুল হকে।
য’ত আলোচনাৰ বিষয় আছিল হীৰেন ভট্টাচাৰ্যৰ কবিতা।
অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে বিশিষ্ট কবি সমালোচক তথা অনুবাদক প্ৰদীপ আচাৰ্য,সাহিত্য অকাডেমি বঁটা প্ৰপাক কবি সমালোচক বিপুল দেউৰী আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত নিবেদন দাস পাটোৱাৰী।
প্ৰায় ৫০ গৰাকীৰো অধিক প্ৰতিষ্ঠত কবিৰ উপস্থিতিত অনুষ্ঠিত হোৱা আজিৰ কবিতা পাঠ অনুষ্ঠানত কামৰূপ মহানগৰ কবি সন্মিলনৰ সম্পাদিকা জোনালী মজুমদাৰ, যুৱ কবি জোনমণি দাস, ধৰিত্ৰী গোস্বামী, খঞ্জনা শৰ্মাৰ লগতে আন বহুজন।
আনহাতে আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে ধন্যবাদ জনাই বেলতলা কবি সন্মিলনৰ সম্পাদিকা মনালিছা শৰ্মাই।