লংকাৰ কাকীত নবালিকাক ধৰ্ষণঃ সামাজিক বিচাৰেৰে ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণঃ পাঁচ হেজাৰ টকা দি কুকাৰ্য গাপ দিয়াৰ চেষ্টা

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৯জুলাইঃ হোজাই জিলাৰ লংকাৰ কাকীত এগৰাকী নবালিকাক দুবাৰকৈ ধৰ্ষণ কৰা ধৰ্ষণকাৰীক সামাজিক বিচাৰেৰে ৰক্ষণাবেক্ষণ দিয়াৰ এক গুৰত্বৰ ঘটনা পোহৰলৈ আহিছে ।

আনহাতে মাত্ৰ পাঁচ হেজাৰ টকা দি এই কুকাৰ্যক সমাজৰ কেইবাজনো লোকে গাপ দি শিশুৰ লগত সংঘটিত কৰা যৌন উতপীড়নৰ দৰে গুৰুত্বৰ অপৰাধক ঢাকি ৰক্ষাৰ অপচেষ্টা চলাইছে কাকী আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত ।

কাকীৰ টিলাবজাৰৰ সমীপৰ টেৰালাংচু অঞ্চলত সংঘটিত হৈছে এই জঘন্য কাণ্ড ।

দহ দিনমান পূৰ্বে সংঘটিত হোৱা এই ঘটনা অৱশেষত সাংবাদিকৰ প্ৰচেষ্টাত পোহৰলৈ আহিল ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ ওচৰৰে দুটা সন্তানৰ পিতৃ ৫০ বছৰীয়া অকালু নামৰ এজন ব্যাক্তিয়ে সংঘটিত কৰিছে এই জঘন্য কাৰ্য ।

এবাৰ নহয় দুবাৰকৈ নবালিকাগৰাকীৰ ওপৰত অত্যাচাৰ চলাইছিল অকালু নামৰ ব্যাক্তিজনে ।

ঘটনাৰ বিষয়ে ক’বলৈ ধৰি সংবাদিকৰ আগত অসহায় নাবালিকাগৰাকী কান্দোনত ভাঙি পৰে ৷

পিছত আন এখন গাঁৱত থকা ককায়েক ঘৰলৈ অহাত সমগ্ৰ কাণ্ডৰ বিষয়ে অৱগত কৰে ১২ বছৰীয়া কিশোৰী গৰাকীয়ে ।

ককায়েকে এইবিষয়ে গাঁৱৰ মানুহক অৱগত কৰোৱাত অভিযুক্তৰ পৰিয়ালৰ লগতে গাঁৱৰ কেইবাজনো ব্যক্তিয়ে বিচাৰ কৰি ৫০০০ টকা নাবালিকাগৰাকীৰ পৰিয়ালক দি ঘটনা গাপ দিয়ে ।

সংবাদকৰ্মী নাবালিকাগৰাকীৰ ঘৰত উপস্হিত হোৱাৰ পিছতে অভিযুক্ত ধৰ্ষনকাৰী অকালু ঘৰৰ পৰা পলায়ন কৰে ।

অভিযুক্তৰ সমৰ্কীয় লোকে,সমাজত বিচাৰ কৰি নাবালিকাৰ পৰিয়ালক ৫০০০ টকা দিয়াৰ কথাও স্বীকাৰ কৰে ।

দেশত শিশুক যৌন উৎপীড়নৰ পৰা ৰক্ষা কৰাৰ হকে শক্তিশালী আইন প্ৰনয়ন কৰিছে যদিও গাঁৱৰ একাংশ লোকে এনে ধৰণৰ ঘটনাক গাপ দি অভিযুক্তক ৰক্ষণাবেক্ষণৰ চেষ্টা চলালে কোনো শক্তিশালী আইনে শিশুক যৌন উতপীড়নৰ দৰে কাৰ্যৰ পৰা ৰক্ষা কৰিব নোৱাৰে ।

এনে ঘটনাক গাপ দিয়াৰ ঠিকা গ্ৰহণ কৰা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্হা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here