লংকা লংকেশ্বৰী হস্পিতাল আৰু ৰিৰ্জাজ চেন্টাৰ বিৰুদ্ধে গোচৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ সংবাদ মেল

প্ৰাগজজ্যোতিষ বাৰ্তা,লংকা,২৯জুলাইঃ হোজাই জিলাৰ লংকা লংকেশ্বৰী হস্পিতাল আৰু ৰিৰ্জাজ চেন্টাৰ বিৰুদ্ধে কাকীৰ বুলন নাথ হাজৰিকাৰ পৰিয়ালে অনা অভিযোগ নস্যাৎ কৰিছে হস্পিতাল কৰ্তৃপক্ষই ।

উল্লেখ যে, কাকীৰ নিৰ্বাসী বুলন নাথ হাজৰিকাৰ হঠাৎ পেটৰ বিষ হোৱাত তেওঁৰ পৰিয়ালৰ লোকে ৫জুলাই তাৰিখে ভৰ্তি কৰাইছিল লংকেশ্বৰী হস্পিতালত ।

পিছত হস্পিতাল কৰ্তৃপক্ষই বুলন নাথ হাজৰিকাৰ পেটত গ’ল্ড ব্লাডাৰ হৈছে বুলি পিছৰ দিনা অস্ত্ৰোপচাৰ কক্ষত সুমুৱাই পেটত ফুটা কৰি আধা অস্ত্ৰোপচাৰৰ মাজতেই ৰোগীৰ দায়িত্ব লব নোৱাৰো বুলি কৈ অস্ত্ৰোপচাৰ কক্ষৰ পৰা উলিয়াই দিছিল ।

সেই ঘটনা সন্দৰ্ভত বুলন নাথৰ পৰিয়ালৰ লোকে সংৱাদ মাধ্যমৰ কাষ চপাত সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ পাইছিল ।

কিন্তু সামগ্ৰীক ঘটনা নস্যাৎ কৰিছে হস্পিতাল কৰ্তৃপক্ষই ।

আনকি বুলন নাথক সামান্য হস্পিতালখনত এক পৰীক্ষামূলক অস্ত্ৰোপচাৰ কৰি গুৱাহাটীৰ জি এম চি লৈ প্ৰেৰণ কৰা হৈছিল বুলিহে সাংবাদিকৰ কেমেৰাৰ আগত মত ব্যক্ত কৰে হস্পিতালখনৰ কৰ্তৃপক্ষই ।

লগতে হস্পিতালখনত কোনো মাননী নিদিয়াকৈ পৰিয়ালৰ লোকে ৰোগীক লৈ ওলাই গৈছিল বুলিহে বুলন নাথৰ পৰিয়ালৰ বিৰুদ্ধে হস্পিতাল কৰ্তৃপক্ষই অভিযোগ আনিছে ।

লগতে সামগ্ৰীক ঘটনাক এক অপপ্ৰচাৰ বুলি হস্পিতাল কৰ্তৃপক্ষই সাংবাদিকক জানিবলৈ দিয়ে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here