২৮.০৭.২০১৯ তাৰিখে ‘মন কী বাত ২.০’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বক্তব্যৰ অসমীয়া অনুবাদ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ঃ মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ সাধাৰণতে আপোনালোক আৰু মই এই ‘মন কী বাত’ৰ বাবে অপেক্ষা কৰি থাকো৷ এইবাৰো অসংখ্য চিঠি, মন্তব্য আৰু ফোন কল, দিহা-পৰামৰ্শেৰে ভৰি পৰিছে- সকলোৱেই কিবা এটা কৰিবলৈ বিচাৰে; অথবা প্ৰকাশ কৰিবলৈ বিচাৰে৷ ব্যক্তিবিশেষে সেই আবেগ অনুভৱ কৰিব পাৰে৷ এই অসংখ্য পদক্ষেপ মই একত্ৰিত কৰিবলৈ বিচাৰো কিন্তু সময়ৰ সীমাৱদ্ধতাৰ ফলত সেয়া সম্ভৱ নহয়৷ এনেকুৱা অনুভৱ হয় যেন মই পৰীক্ষাত অৱতীৰ্ণ হৈছো৷ তথাপিও মই আপোনালোকৰ বহুমূলীয়া চিন্তা-ধাৰা পুনৰ বিচাৰিছো যি মন কী বাতৰ অৱগুণ্ঠনত সূতাৰ ভূমিকা পালন কৰে৷

আপোনালোকৰ বোধহয় মনত আছে, যোৱা খণ্ডত মই প্ৰেমচন্দজীৰ চুটি গল্পৰ সংগ্ৰহৰ বিষয়ে অৱতাৰণা কৰিছিলো৷ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে যিয়েই গ্ৰন্থ নপঢ়ো কিয় তাৰে কিছুমান বিশেষ কথা নৰেন্দ্ৰ মোদী এপত বিনিময় কৰা উচিত৷ বিভিন্ন সংখ্যক লোকে গ্ৰন্থ বিষয়ক নানা তথ্য বিনিময় কৰা মই পৰিলক্ষিত কৰিছো৷ বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন, ইতিহাস, সংস্কৃতি, ব্যৱসায়, জীৱনী আদি বিভিন্ন বিষয়ত হোৱা আলোচনাই সঁচায়েই হৃদয় আন্দোলিত কৰিছে৷ কিছুমানে মোক অন্য বহুতো গ্ৰন্থৰ বিষয়েও ধ্যানকেন্দ্ৰিত কৰিবলৈ পৰামৰ্শ দিছে৷ ঠিক আছে, মই আপোনালোকৰ সৈতে অন্য গ্ৰন্থৰ বিষয়েও আলোচনা কৰিম৷ কিন্তু এটা কথা ক’বই লাগিব যে এইকেইদিন মই গ্ৰন্থ অধ্যয়ন কৰিবলৈ বিশেষ সময় পোৱা নাই৷ কিন্তু আপোনালোকৰ আলোচনাৰ ভিত্তিত মই বিভিন্ন বিষয়ৰ গ্ৰন্থৰ বিষয়ে জানিবলৈ সক্ষম হৈছো৷ কিন্তু যোৱা এটা মাহৰ অভিজ্ঞতাই মোক শিকালে যে ইয়াক আমি আগুৱাই লৈ যোৱা উচিত৷ আমি নৰেন্দ্ৰ মোদী এপত এটা স্থায়ী গ্ৰন্থ শিতান এটা ৰাখিব নোৱাৰোনে যাতে যেতিয়াই আমি গ্ৰন্থ এখন অধ্যয়ন কৰো তেতিয়াই এই প্লেটফ’ৰ্মত গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰিব পাৰো! আৰু আপোনালোকে এই গ্ৰন্থ শিতানৰ বাবে এটা নামৰো পৰামৰ্শ প্ৰদান কৰিব পাৰে৷ মই বিচাৰো যে এই গ্ৰন্থ শিতান পঢ়ুৱৈ তথা লিখকসকলৰ বাবে এক সক্ৰিয় মঞ্চ হিচাপে বিবেচিত হওক৷ সেয়ে অধ্যয়ন কৰি যাওক আৰু লিখি যাওক; তথা মন কী বাতৰ বন্ধুসকলৰ সৈতে ইয়াক বিনিময় কৰি যাওক৷

বন্ধুসকল, মই ‘মন কী বাত’ত জল সংৰক্ষণৰ বিষয়টো উত্থাপন কৰিছিলো আৰু আজি মই অনুভৱ কৰিছো যে এই বিষয়টো উত্থাপন কৰাৰ পূৰ্বেই ই আপোনালোকৰ বাবে অতিশয় স্পৰ্শকাতৰ বিষয় আছিল, তাৰোপৰি ই বিশ্বজনীন মানৱীয়তাৰো এটা বিষয়৷ মই অনুভৱ কৰিছো যে এই বিষয়টোৱে দেশবাসীৰ হৃদয় স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে৷ দেশৰ বিভিন্ন স্থানত বিভিন্ন পদক্ষেপো গ্ৰহণ কৰা হৈছে৷ জনতাই পৰম্পৰাগত পদ্ধতিসমূহৰ বিষয়ে তথ্য বিনিময় কৰিছে৷ সংবাদ মাধ্যমেও কিছুমান উদ্ভাৱনীমূলক শিবিৰৰ আয়োজন কৰিছে৷ এয়া চৰকাৰেই হওক অথবা এনজিঅ’য়েই হওক, ইয়াক যুদ্ধকালীন গতিত আগবঢ়াই নিয়া হৈছে৷ তেনেধৰণৰ ঘটনাৰ সাক্ষী হ’বলৈ পোৱাটো সঁচাকৈয়ে সন্তোষজনক৷ তেনে এটা ঘটনা দেখিবলৈ পোৱা গৈছে ঝাৰখণ্ডৰ ৰাঁচীৰ নিকটৱৰ্তী ওৰমানঝি ব্লকৰ আৰা কেৰাম গাঁৱত৷ গাঁওবাসীয়ে জল সংৰক্ষণৰ ক্ষেত্ৰত দেখুওৱা উৎসাহ আৰু উদ্দীপনা সঁচায়েই সকলোৰে বাবে আদৰ্শ হৈ পৰিছে৷ গাঁওবাসীয়ে পাহাৰৰ জুৰিৰ দিশ পৰিৱৰ্তন কৰিবলৈ মূৰৰ ঘাম মাটিত মিহলি কৰিছে৷ এই পদ্ধতিটো সম্পূৰ্ণৰূপে স্থানীয় পদ্ধতি৷ ইয়াৰ দ্বাৰা কেৱল ভূমি ক্ষয় আৰু শস্য নষ্ট প্ৰতিৰোধ হোৱাই নহয়, পথাৰসমূহলৈ উপযুক্ত জলসিঞ্চনৰো ব্যৱস্থা সম্ভৱ হৈছে৷ আৰু আপোনালোকে জানি সুখী হ’ব যে উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় হ’ল স্ব-জল নীতি প্ৰৱৰ্তন কৰা প্ৰথমখন ৰাজ্য৷ মই মেঘালয় চৰকাৰক অভিনন্দন জনাইছো৷

হাৰিয়ানাত অল্পসংখ্যক পানীৰ প্ৰয়োজন হোৱা শস্যসমূহৰ বাবে উৎসাহ জনোৱা হৈছে৷ ইয়াৰ দ্বাৰা কৃষকসকলে ক্ষতিৰ পৰা ৰক্ষা পৰিছে৷ মই বিশেষভাৱে হাৰিয়ানাৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো কিয়নো তেওঁলোকে কৃষকসকলৰ সৈতে যোগাযোগ স্থাপন কৰি অধিক পানী ব্যৱহাৰ হোৱা পৰম্পৰাগত কৃষিসমূহ নকৰি এনে ধৰণৰ কৃষিৰ বাবে উদগনি জনাইছে৷

এয়া উৎসৱৰ বতৰ৷ এই উপলক্ষে বহু মেলাৰ আয়োজন কৰা হৈছে৷ এই পৰিপ্ৰেক্ষিতত আমি এই মেলাসমূহত জল সংৰক্ষণৰ বাৰ্তা প্ৰদান কৰিব নোৱাৰোনে? সমাজৰ বিভিন্ন লোক এই মেলালৈ আহে৷ ইয়াত আমি কাৰ্যকৰীভাৱে মঞ্চ ব্যৱহাৰ কৰি অথবা বাটৰ নাটেৰে জল সংৰক্ষণৰ বাৰ্তা প্ৰদান কৰিব পাৰো আৰু অতি সহজে উৎসৱৰ উৎসাহৰ মাজত জল সংৰক্ষণৰ বাৰ্তা বিনিময় কৰিব পাৰো৷

বন্ধুসকল, কিছুমান ঘটনাই আমাৰ মন প্ৰফুল্লিত কৰি তোলে; বিশেষকৈ যেতিয়া আমাৰ শিশুসকলে সাফল্য অৰ্জন কৰে৷ মই কেইগৰাকীমান শিশুৰ নাম উল্লেখ কৰিবলৈ বিচাৰিছো৷ তেওঁলোক হ’ল- নিধি বাইপ’টু, মনীষ যোশী, দেৱাংশী ৰাৱত, তনুশ জৈন, হৰ্ষ দেৱধাৰকাৰ, অনন্ত তিৱাৰী, প্ৰীতি নাগ, অথৰ্ব দেশমুখ, অৰুণ্যতেশ গাংগুলী আৰু হৃত্বিক আলামান্দা৷

মই তেওঁলোকৰ বিষয়ে যি ক’ম সেয়া শুনি আপোনালোকৰ হৃদয় আনন্দ আৰু গৌৰৱেৰে ভৰি পৰিব৷ আমি সকলোৱে জানো যে কৰ্কট শব্দটোৱেই বিশ্ববাসীত ভয়ত বিতত কৰিবলৈ যথেষ্ট৷ ই আমাক দুৱাৰদলিত মৃত্যুৰ ছবি প্ৰদৰ্শিত কৰে৷ কিন্তু এই দহগৰাকী শিশুৱে কেৱল এই মৃত্যুমুখী ৰোগৰ সৈতে যুঁজ দিয়াই নহয়, নিজৰ অসাধাৰণ কাৰ্যৰ দ্বাৰা সমগ্ৰ বিশ্বতে ভাৰতৰ নাম উজ্বলাবলৈ সমৰ্থ হৈছে৷ খেলসমূহত আমি প্ৰায়েই দেখো যে খেলুৱৈসকলে টুৰ্ণামেণ্ট জয় কৰাৰ পিছত অথবা মেডেল লাভৰ পিছত চেম্পিয়ন বিবেচিত হয়, কিন্তু এয়া এনে এক দুৰ্লভ দৃশ্য য’ত এওঁলোকে খেলত অংশগ্ৰহণ কৰাৰ পূৰ্বেই চেম্পিয়ন আছিল আৰু জীৱনৰ যুঁজতো চেম্পিয়ন হৈছে৷

দৰাচলতে, এই মাহত মস্কোত বিশ্ব শিশু বিজয়ী ক্ৰীড়াৰ আয়োজন হৈছিল৷ এয়া এনে এক আচৰিত ক্ৰীড়া য’ত যুৱ কৰ্কট ৰোগী যিসকলে কৰ্কট ৰোগ জয় কৰিছে তেওঁলোকে অংশগ্ৰহণ কৰে৷ এই প্ৰতিযোগিতাত শ্বুটিং, দবা, সাঁতোৰ, দৌৰ, ফুটবল আৰু টেবুল টেনিচৰ দৰে প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ আমাৰ দেশৰ এই দহগৰাকী চেম্পিয়নে এই ক্ৰীড়াত মেডেল লাভ কৰিছে৷ ইয়াৰে কিছুমান খেলুৱৈয়ে একাধিক ক্ৰীড়াত মেডেল লাভ কৰিছে৷

মোৰ মৰমৰ দেশবাসীসকল, মোৰ সম্পূৰ্ণ বিশ্বাস যে আকাশৰ সীপাৰে, মহাকাশত, ভাৰতৰ সফলতাৰ বিষয়ে নিশ্চয়েই গৰ্ব হ’ব- চন্দ্ৰায়ন ২৷ ৰাজস্থানৰ যোধপুৰ সঞ্জীৱ হৰিপুৰা, কলকাতাৰ মহেন্দ্ৰ কুমাৰ দাগা, তেলেংগানাৰ অৰৱিন্দ ৰাও, এনে বহুকেইজন ব্যক্তিয়ে মোক নৰেন্দ্ৰ মোদী এপ আৰু মাই গভত লিখিছে আৰু তেওঁলোকে ‘মন কী বাত’ত চন্দ্ৰায়ন-২ৰ বিষয়ে আলোচনা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ প্ৰকৃততে মহাকাশ সন্দৰ্ভত ২০১৯ চন ভাৰতৰ বাবে অতিশয় সুন্দৰ বৰ্ষ৷ আমাৰ বৈজ্ঞানিকসকলে, মাৰ্চ মাহত এ-ছেট উৎক্ষেপন কৰিছিল আৰু তাৰপিছত চন্দ্ৰায়ন-২৷ নিৰ্বাচনৰ ধামখুমীয়াত এ-ছেটৰ দৰে বৃহৎ খবৰ তল পৰি ৰৈছিল য’ত আমি এ-ছেটৰ মিছাইলৰ দ্বাৰা কেৱল তিনি মিনিটত তিনিশ কিলোমিটাৰ দূৰৰ উপগ্ৰহ ধৰাশায়ী কৰাৰ ক্ষমতা লাভ কৰিছিলো৷ এই ক্ষমতা লাভ কৰা ভাৰত বিশ্বৰ ভিতৰতে চতুৰ্থখন দেশ আৰু এতিয়া ২২ জুলাইত সমগ্ৰ দেশে গৌৰৱেৰে প্ৰত্যক্ষ কৰিলে যে কিদৰে চন্দ্ৰায়ন ২য়ে শ্ৰীহৰিকোটাৰ পৰা মহাকাশত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সমৰ্থ হ’ল৷ চন্দ্ৰায়ন ২ৰ উৎক্ষেপণৰ আলোকচিত্ৰই দেশবাসীক গৌৰৱান্বিত কৰিলে৷চন্দ্ৰায়ন-২, এই অভিযান বহুক্ষেত্ৰত উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে৷ এই অভিযানে চন্দ্ৰৰ বিষয়ে আমাৰ জ্ঞান অধিক স্পষ্ট কৰিব৷ কিন্তু আপোনালোকে যদি মোক সোধে যে চন্দ্ৰায়ন -২ৰ পৰা মই কোন দুটা ডাঙৰ শিক্ষা পালো, তাৰ উত্তৰত মই ক’ম- বিশ্বাস আৰু নিৰ্ভীকতা৷ আমি নিজৰ দক্ষতা আৰু সামৰ্থৰ ওপৰত বিশ্বাস কৰিব লাগে, নিজৰ প্ৰতিভা আৰু ক্ষমতাৰ ওপৰত বিশ্বাস কৰিব লাগে৷ আপুনি এয়া জানি সুখী হ’ব যে চন্দ্ৰায়ন-২ত সম্পূৰ্ণ ভাৰতীয় ৰং বুলোৱা হৈছে৷ এয়া সম্পূৰ্ণৰূপে ভাৰতীয়৷ সম্পূৰ্ণ স্বদেশী অভিযান৷ এই অভিযানে এই কথা নিশ্চিত কৰিলে যে যেতিয়া নতুন নতুন ক্ষেত্ৰত কিবা এটা কৰাৰ বাবে উদ্ভাৱনী উৎসাহৰ কথা উল্লেখ হয়, তেনে ক্ষেত্ৰত আমাৰ বৈজ্ঞানিকসকল সৰ্বশ্ৰেষ্ঠ, বিস্তস্তৰীয় হয়৷ দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা এয়ে যে যিকোনো ব্যৱধানক লৈ শংকা কৰিব নালাগে৷ যিদৰে আমাৰ বৈজ্ঞানিকসকলে, অভিলেখ সময়ত, দিবা-নৈশ এক কৰি সকলো প্ৰযু্ক্তিগত সমস্যা ঠিক কৰি চন্দ্ৰায়ন-২ক উৎক্ষেপণ কৰিলে, এয়া অতিশয় গৌৰৱৰ কথা৷ বৈজ্ঞানিকসকলৰ এই মহান তপস্যা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে৷ ইয়াক লৈ আমি গৰ্ব কৰিব লাগে আৰু সময়ৰ ব্যৱধানৰ পিছতো তেওঁলোকে লক্ষ্য প্ৰাপ্তিৰ সময় পৰিৱৰ্তন নকৰিলে আৰু এয়াই হ’ল আশ্বৰ্যকৰ কথা৷ আমি আমাৰ জীৱনতো অস্থায়ী সমস্যাৰ সন্মুখীন হ’ব পাৰো কিন্তু আমি সদায়েই মনত ৰাখিব লাগে এয়া লাভ কৰাৰ সামৰ্থ আমাৰ মাজত আছে৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে চন্দ্ৰায়ন-২ৰ অভিযানে দেশৰ যুৱ প্ৰজন্মক বিজ্ঞান আৰু উদ্ভাৱনৰ বাবে উৎসাহিত কৰিব৷ দৰাচলতে বিজ্ঞানেই হ’ল বিকাশ পথ৷ এতিয়া আমি অধীৰ আগ্ৰহেৰে ছেপ্টেম্বৰ মাহলৈ অপেক্ষা কৰি আছো যেতিয়া চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ- বিক্ৰম আৰু ৰোভাৰ- প্ৰজ্ঞানে অৱতৰণ কৰিব৷ আজি ‘মন কী বাত’ৰ জৰিয়তে মই দেশৰ বিদ্যাৰ্থী বন্ধুসকলৰ সৈতে, যুৱ বন্ধুসকলৰ সৈতে এক আকৰ্ষণীয় প্ৰতিযোগিতাৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছো আৰু দেশৰ যুৱক-যুৱতীসকলক কুইজ প্ৰতিযোগিতালৈ নিমন্ত্ৰিত কৰিছো৷ এই কুইজ প্ৰতিযোগিতাৰ বিষয়বস্তু হ’ব মহাকাশৰ সৈতে জড়িত কৌতুহলসমূহ, ভাৰতৰ মহাকাশ অভিযান, বিজ্ঞান আৰু প্ৰযুক্তি৷ ৰকেট উৎক্ষেপণৰ বাবে কি কি কৰিব লাগে, উপগ্ৰহক কক্ষপথত কিদৰে অৱতৰণ কৰোৱা হয় আৰু উপগ্ৰহৰ পৰা আমি কি কি তথ্য পাব পাৰো, এ-ছেট কি, এনেকুৱা বহু কথা৷ মাই গভ ৱেবছাইটত এক আগষ্ট তাৰিখে এই প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ তথ্য প্ৰদান কৰা হ’ব৷ মই যুৱ বন্ধুসকল, বিদ্যাৰ্থীসকলক অনুৰোধ কৰিম যে তেওঁলোকে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু ইয়াক আকৰ্ষণীয় কৰি তোলক৷ মই বিদ্যালয়, অভিভাৱক, আচাৰ্য তথা শিক্ষকসকলকো অনুৰোধ জনাম যে নিজৰ বিদ্যালয়ক বিজয়ী কৰি তুলিবলৈ তেওঁলোকে যাতে প্ৰয়াস কৰে৷ সকলো বিদ্যাৰ্থীক যেন ইয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে আৰু সকলোতকৈ আকৰ্ষণীয় কথাটো হ’ল, প্ৰতিখন ৰাজ্যৰ পৰা, সৰ্বাধিক নম্বৰ পোৱা বিদ্যাৰ্থীক ভাৰত চৰকাৰে নিজৰ খৰচত শ্ৰীহৰিকোটালৈ লৈ যাব আৰু ছেপ্টেম্বৰত তেওঁলোকে চন্দ্ৰায়নে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ বিৰল মুহূৰ্তৰ সাক্ষী হ’ব পাৰিব৷ এয়া বিজয়ী বিদ্যাৰ্থীসকলৰ বাবে তেওঁলোকৰ জীৱনৰ এক ঐতিহাসিক ঘটনা হিচাপে বিবেচিত হ’ব আৰু ইয়াৰ বাবে আপোনালোকে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব, সৰ্বাধিক নম্বৰ লাভ কৰিব লাগিব আৰু আপুনি বিজয়ী হ’ব লাগিব৷

বন্ধুসকল, মোৰ এই প্ৰস্তাৱ নিশ্চয় আপোনালোকে ভাল পাইছে- নহয় জানো! তেন্তে কুইজত অংশগ্ৰহণ কৰিবলৈ নাপাহৰিব আৰু অধিকাংশ লোকক ইয়াৰ বাবে উৎসাহিত কৰিব৷ মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকে এটা কথা নিশ্চয় প্ৰত্যক্ষ কৰিছে৷ আমাৰ মন কী বাতে স্বচ্ছতা অভিযানক সময়ে সময়ে গতি প্ৰদান কৰি আহিছে আৰু এই ধৰণে স্বচ্ছতাৰ বাবে কৰা প্ৰয়াসেও ‘মন কী বাত’ক সদায়েই উৎসাহিত কৰি আহিছে৷ পাঁচ বছৰ পূৰ্বে আৰম্ভ হোৱা এই অভিযানে আজি জনসাধাৰণৰ সহযোগত স্বচ্ছতাৰ নতুন মানদণ্ড স্থাপন কৰিছে৷ এনেকুৱা নহয় যে আমি স্বচ্ছতাত আদৰ্শ স্থিতি লাভ কৰিলো, কিন্তু যি ধৰণে অ’ডিএফৰ পৰা আৰম্ভ কৰি সাৰ্বজনিক স্থানত স্বচ্ছতা অভিযানে সফলতা লাভ কৰিছে, সেয়া হ’ল এশ ত্ৰিশ কোটি দেশবাসীৰ সংকল্পৰ শক্তি, কিন্তু আমি থমকি নৰও৷ এই আন্দোলনে এতিয়া স্বচ্ছতাৰ পৰা সৌন্দৰ্যতালৈ গতি কৰিছে৷ কিছুদিন পূৰ্বে মই সংবাদ মাধ্যমত শ্ৰীমান যোগেশ সৈনী আৰু তেওঁৰ দলটোৰ কাহিনী প্ৰত্যক্ষ কৰিছিলো৷ যোগেশ সৈনী এজন অভিযন্তা আৰু আমেৰিকাত তেওঁ নিজৰ চাকৰি এৰি আহি মা ভাৰতীৰ সেৱাৰ বাবে ঘূৰি আহিছে৷ তেওঁলোকে কিছু সময় পূৰ্বে দিল্লীক স্বচ্ছই নহয় বৰঞ্চ সুন্দৰ কৰি তোলাৰো পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ নিজৰ দলৰ সৈতে লোধী উদ্যানৰ আৱৰ্জনাৰ পাত্ৰৰ পৰা আৰম্ভ কৰিছে৷ বাটৰ কলাৰ মাধ্যমেৰে দিল্লীৰ বিভিন্ন অঞ্চলত সুন্দৰ পেইণ্টিঙেৰে সজোৱাৰ কাম কৰিছে৷ অভাৰ ব্ৰীজ আৰু বিদ্যালয়ৰ দেৱালসমূহৰ পৰা আৰম্ভ কৰি জুপুৰি পৰ্যন্ত তেওঁ নিজৰ প্ৰতিভা দাঙি ধৰিছে আৰু জনসাধাৰণে তেওঁক সহযোগো কৰিছে৷ আপোনালোকৰ মনত আছে চাগে কুম্ভৰ সময়ত প্ৰয়াগৰাজক কিদৰে পথৰ পেইণ্টিঙেৰে সজোৱা হৈছিল৷ মই কথাটো গম পালো৷ তাতে যোগেশ সৈনী আৰু তেওঁৰ দলে বৃহৎ ভূমিকা পালন কৰিছিল৷ ৰং আৰু ৰেখাৰ কোনো বাক্ শক্তি নাথাকিব পাৰে কিন্তু ইয়াৰ দ্বাৰা নিৰ্মিত হোৱা চিত্ৰই যি ইন্দ্ৰধনুৰ সৃষ্টি কৰে, তাৰ বাৰ্তা সহস্ৰ শব্দতকৈও অধিক প্ৰভাৱশালী বিবেচিত হয় আৰু স্বচ্ছতা অভিযানৰ সৌন্দৰ্যতাত মই এই কথা অনুভৱ কৰিছো৷ আমাৰ বাবে এয়া প্ৰয়োজনীয় যে আৱৰ্জনাৰ পৰা সম্পত্তি নিৰ্মাণৰ আমাৰ যি সংস্কৃতি, এয়া আমাৰ সমাজত বিকশিত হওক৷ একধৰণে ক’বলৈ গ’লে আমি জাবৰৰ পৰা কাঞ্চন সৃষ্টিৰ দিশত অগ্ৰসৰ হ’ব লাগিব৷

মোৰ মৰমৰ দেশবাসীসকল, কিছুদিন পূৰ্বে মাই গভত মই এক সুন্দৰ টিপ্পনী পঢ়িবলৈ পালো৷ এই মন্তব্য জম্মু আৰু কাশ্মীৰৰ শোপিয়াং নিবাসী ভাই মহম্মদ আসলমৰ আছিল৷ তেওঁ লিখিছিল- ‘‘মন কী বাত’ শুনিবলৈ বৰ ভাল লাগে৷ মই এই কথা ক’বলৈ পাই সুখী অনুভৱ কৰিছো যে মই নিজৰ ৰাজ্য জম্মু-কাশ্মীৰত Community Mobilization Programme- Back To Villageৰ আয়োজনত সক্ৰিয় ভূমিকা পালন কৰিছো৷ এই কাৰ্যসূচীৰ আয়োজন জুন মাহত হৈছিল৷ মই ভাবো যে এনে কাৰ্যসূচীৰ আয়োজন প্ৰতি তিনিমাহৰ মূৰে মূৰে কৰিব লাগে৷ ইয়াৰ লগতে অনলাইন নিৰীক্ষণৰ ব্যৱস্থাও কৰিব লাগে৷ মোৰ বিচাৰত এয়া এই ধৰণৰ প্ৰথম কাৰ্যসূচী আছিল য’ত জনতাই প্ৰত্যক্ষভাৱে চৰকাৰৰ সৈতে কথা পাতিছিল৷’

ভাই মহম্মদ আসলমজীয়ে যি বাৰ্তা মোলৈ প্ৰেৰণ কৰিছে আৰু সেয়া পঢ়াৰ পিছত ‘বেক টু ভিলেজ’ কাৰ্যসূচীৰ বিষয়ে জনাৰ মোৰ উৎসুকতা বৃদ্ধি হৈছে৷ এই বিষয়ে যেতিয়া মই বিস্তাৰিত ৰূপত গম পালো তেতিয়া মই ভাবিলো যে ইয়াৰ বিষয়ে সমগ্ৰ দেশে জনাটো আৱশ্যক৷ কাশ্মীৰৰ জনতাই বিকাশৰ মুখ্যধাৰাৰ সৈতে অংশীদাৰ হোৱাৰ বাবে কিমান অধীৰ সেয়া এই কাৰ্যসূচীৰ পৰা গম পোৱা যায়৷ এই কাৰ্যসূচীৰ অধীনত প্ৰথমবাৰলৈ জ্যেষ্ঠ বিষয়াসমূহ প্ৰত্যক্ষভাৱে গাঁৱত উপস্থিত হৈছে৷ যিসকল বিষয়াক গাঁওবাসীয়ে কেতিয়াও দেখা পোৱা নাছিল, তেওঁলোকে স্বয়ং গাঁওবাসীৰ দুৱাৰমুখত উপস্থিত হৈছে যাতে বিকাশৰ কামত সৃষ্টি হোৱা বাধাৰ বিষয়ে তেওঁলোকে জানিবলৈ পাৰে, সমস্যাসমূহ দূৰ কৰিব পাৰে৷ এই কাৰ্যসূচী সপ্তাহজুৰি চলিছিল আৰু ৰাজ্যখনৰ প্ৰায় চাৰে চাৰি হাজাৰ পঞ্চায়তত চৰকাৰী বিষয়াই গাঁওবাসীক চৰকাৰী যোজনা আৰু কাৰ্যসূচীৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰে৷ তেওঁলোকে এয়াও ভূ লয় যে চৰকাৰী সেৱাসমূহ গাঁওবাসীয়ে পাইছে নে নাই? গাঁওবাসীয়ে মুক্তভাৱে নিজৰ সমস্যাৰ বিষয়ে বৰ্ণনা কৰে৷ সাক্ষৰতা, লিংগ অনুপাত, স্বাস্থ্য, স্বচ্ছতা, জল সংৰক্ষণ, বিদ্যুৎ, পানী, কন্যাসকলৰ শিক্ষা, জ্যেষ্ঠ নাগৰিকৰ প্ৰশ্ন আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়৷

বন্ধুসকল, এই কাৰ্যসূচী কোনো চৰকাৰী কাৰ্যসূচী নাছিল যে বিষয়াসকলে দিনটো গাঁও ঘূৰি সন্ধিয়া ঘূৰ আহিব৷ তেওঁলোকে দুদিন আৰু এৰাতি সেই পঞ্চায়তত আছিল৷ ইয়াৰ দ্বাৰা তেওঁলোকে গাঁৱত অধিক সময় থকাৰ সুযোগ পাইছিল৷ সকলোকে সাক্ষাৎ কৰিছিল৷ সকলো সংস্থাৰ সৈতে সাক্ষাৎ কৰিছিল৷ এই কাৰ্যসূচীক আকৰ্ষণীয় কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ খেলো ইণ্ডিয়াৰ অধীনত শিশুসকলৰ মাজত খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল৷ তাতেই ক্ৰীড়াৰ সামগ্ৰী, মনৰেগাৰ জব কাৰ্ড আৰু এছচি/এছটিৰ স্বীকৃতিপত্ৰও প্ৰদান কৰা হৈছিল৷ বিত্তীয় শিক্ষাৰ শিবিৰ অনুষ্ঠিত কৰা হৈছিল৷ কৃষি, উদ্যান-শস্য আদি চৰকাৰী বিভাগসমূহৰ পৰা বিপণী মুকলি কৰা হৈছিল আৰু চৰকাৰী যোজনাৰ বিষয়ে অৱগত কৰোৱা হৈছিল৷ এইদৰে সেই আয়োজন এক বিকাশৰ উৎসৱ হিচাপে পৰিগণিত হৈ পৰিছিল, জন-সহযোগিতাৰ উৎসৱ হৈ পৰিছিল, জন-জাগৃতিৰ উৎসৱ হৈ পৰিছিল৷ কাশ্মীৰৰ জনতাই বিকাশৰ এই উৎসৱত মুক্তমনে অংশগ্ৰহণ কৰিছিল৷ সন্তোষৰ কথা এয়েই যে ‘বেক টু ভিলেজ’ কাৰ্যসূচীৰ আয়োজন এনে দূৰ-দুৰণিৰ গাঁৱত কৰা হৈছিল য’ত চৰকাৰী বিষয়াসকলে দুৰ্গম পথেৰে পাহাৰ বগাই কেতিয়াবা এদিন দুদিন খোজ কাঢ়ি উপস্থিত হ’বলগীয়া হৈছিল৷ এই বিষয়াসকলে ক্ৰ’ছ ফায়াৰিং হৈ থকা পঞ্চায়তসমূহলৈও গৈছিল৷ এয়াই নহয়, শোপিয়াং, পুলৱামা, কুলগাম আৰু অনন্তনাগৰ দৰে সংবেদনশীল জিলাতো এওঁলোকে নিৰ্ভয়ে উপস্থিত হৈছিল৷ বহুতো বিষয়াই তেওঁলোকৰ স্বাগতমত ইমান অভিভূত হৈ পৰিছিল যে তেওঁলোকে দুদিনতকৈও অধিক সময় সেই গাঁওসমূহত আছিল৷ এই অঞ্চলসমূহত গ্ৰাম সভাৰ আয়োজন হোৱা, বৃহৎ সংখ্যাত জনতাই ভাগ লোৱা আৰু নিজৰ বাবে যোজনা প্ৰস্তুত কৰা, এই সকলোবোৰ এক সুখদ অনুভূতি৷নতুন সংকল্প, নতুন উৎসাহ আৰু উল্লেখনীয় ফলাফল৷ এনেকুৱা কাৰ্যসূচী আৰু ইয়াত জনতাৰ অংশগ্ৰহণে এয়াই প্ৰদৰ্শিত কৰে যে কাশ্মীৰৰ আমাৰ ভাই-ভনীসকলে উত্তম শাসন ব্যৱস্থা বিচাৰে৷ ইয়াৰ দ্বাৰা এয়াও প্ৰতিফলিত হয় যে বিকাশৰ শক্তি বোমা-বন্দুকৰ শক্তিতকৈ সদায়েই ডাঙৰ৷ এয়া সত্য যে যিসকলে বিকাশৰ গতি ৰুদ্ধ কৰিব বিচাৰে, হিংসা বিয়পাব খোজে, তেওঁলোকৰ অপবিত্ৰ চিন্তা কেতিয়াও কাৰ্যকৰী নহয়৷

মোৰ মৰমৰ দেশবাসীসকল, জ্ঞানপীঠ পুৰস্কাৰেৰে সন্মানিত শ্ৰীমান দত্তাত্ৰেয় ৰামচন্দ্ৰ বেণ্ড্ৰেয়ে নিজৰ এক কবিতাত শাওণ মাহৰ গৰিমা এইদৰে প্ৰকাশ কৰিছে৷ তেওঁ কবিতাত এইদৰে উল্লেখ কৰিছে-

হোডিগে মডিগে আগ্যেদ লগ্ৰা৷

অদৰাগ ভুমি মগ্না৷

অৰ্থাৎ- বাৰিষাৰ প্ৰাণোচ্চলতা আৰু পানীৰ ধাৰাৰ বন্ধন অপূৰ্ব আৰু ইয়াৰ সৌন্দৰ্য দেখি পৃথিৱীও ‘মগ্ন’ হৈ পৰিছে৷ সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন সংস্কৃতি আৰু ভাষাৰ লোকে শাওণ মাহটোক নিজৰ ধৰণে উদযাপন কৰে৷ এই বতৰত আমি যেতিয়াই আমাৰ চৌপাশে চাও তেতিয়া এনে অনুভৱ হয় যেন ধৰিত্ৰীয়ে সেউজীয়া চাদৰ মেৰিয়াই লৈছে৷ চাৰিওফালে এক নতুন শক্তিৰ সঞ্চাৰ হয়৷ এই পবিত্ৰ মাহটোত বহু শ্ৰদ্ধালুৱে কাংৱড় যাত্ৰা আৰু অমৰনাথ যাত্ৰালৈ যায়৷ বহুতে নিয়মিত ৰূপত উপবাস ৰাখে আৰু উৎসাহেৰে জন্মাষ্টমী তথা নাগ পঞ্চমীৰ দৰে উৎসৱলৈ অপেক্ষা কৰে৷ এই সময়চোৱাত ভাই-ভনীৰ প্ৰেমৰ প্ৰতীক ৰাশি বন্ধনৰো উদযাপন কৰা হয়৷ শাওণ মাহৰ কথা উল্লেখ হোৱাৰ সময়ত এই কথা আপোনালোকে জানি সুখী হ’ব যে এইবাৰৰ অমৰনাথ যাত্ৰালৈ যোৱা চাৰিটা বছৰতকৈও সৰ্বাধিক যাত্ৰী গৈছে৷ ১ জুলাইৰ পৰা এতিয়ালৈ তিনি লাখতকৈও অধিক তীৰ্থযাত্ৰীয়ে পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰিছে৷ ২০১৫ চনত সম্পূৰ্ণ ৬০ দিনলৈ চলা এই যাত্ৰাত যিমান তীৰ্থযাত্ৰী আছিল, এইবাৰ কেৱল ২৮ দিনতে তাতোকৈ অধিক হৈছে৷

অমৰনাথৰ যাত্ৰাৰ সফলতাৰ বাবে মই বিশেষকৈ জম্মু-কাশ্মীৰৰ জনতাৰ তথা তেওঁলোকৰ আতিথ্যৰ প্ৰশংসা কৰিবলৈ বিচাৰিছো৷ যিসকল সোকে যাত্ৰাৰ পৰা উভতি আহিছে তেওঁলোকে ৰাজ্যখনৰ উমাল আতিথ্য তথা আপোনত্বৰ ভাৱনাৰ গুণগান গাইছে৷ এই সকলোবোৰৰ দ্বাৰা ভৱিষ্যতে পৰ্যটনৰ বাবেও অধিক লাভদায়ক হ’ব৷ মোক কোৱা হৈছে যে উত্তৰাখণ্ডতো এই বৰ্ষত যেতিয়া চাৰধাম যাত্ৰাৰ আৰম্ভণি হৈছিল, তেতিয়াৰে পৰা ডেৰ মাহৰ ভিতৰত ৮ লাখতকৈও অধিক শ্ৰদ্ধালুৱে কেদাৰনাথ ধাম দৰ্শন কৰিছে৷ ২০১৩ চনত হোৱা ভীষণ বিপত্তিৰ পিছত প্ৰথমবাৰলৈ এইবাৰ অভিলেখ সংখ্যাত তীৰ্থযাত্ৰী তাত উপস্থিত হৈছে৷

মই আপোনালোক সকলোকে আহ্বান জনাইছো যে দেশৰ এইসমূহ অংশলৈ আপোনালোকে নিশ্চয়কৈ আহক যাৰ সৌন্দৰ্যতা বাৰিষাৰ কালত অধিক হৈ পৰে৷ নিজৰ দেশৰ সৌন্দৰ্যতা উপভোগ কৰক আৰু নিজৰ দেশৰ লোকসমূহক বুজাৰ বাবে পৰ্যটন আৰু যাত্ৰাতকৈ অধিক ডাঙৰ শিক্ষক বোধহয় আৰু কোনো হ’ব নোৱাৰে৷ মই আপোনালোকলৈ শুভকামনা জনাইছো যে শাওণৰ এই সুন্দৰ আৰু জীৱন্ত মাহটোৱে যেন আপোনালোকৰ জীৱনলৈ শক্তি, নতুন আশা আৰু নতুন উৎসাহৰ সৃষ্টি কৰে৷ ঠিক সেইদৰে আগষ্ট মাহে ‘ভাৰত ত্যাগ’ৰ স্মৃতি সোঁৱৰণ কৰায়৷ মই বিচাৰিম যে ১৫ আগষ্টৰ বাবে আপোনালোকে যেন বিশেষ আয়োজন কৰে৷ স্বাধীনতাৰ এই পৰ্ব উদযাপন কৰাৰ বাবে নতুন পদ্ধতি বিচাৰক৷ জন-সহযোগিতা বৃদ্ধি কৰক৷১৫ আগষ্ট লোকোৎসৱ কিদৰে হ’ব, জনোৎসৱ কিদৰে হ’ব, এই চিন্তা আপোনালোকে নিশ্চয়কৈ কৰক৷ দ্বিতীয়তে এয়াই সেই সময় য’ত দেশৰ বিভিন্ন অংশ অত্যাধিক মাত্ৰাত বৰষুণ হ’বলৈ ধৰিছে৷ বহু ঠাই বানৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে৷ বানপানীৰ ফলত বহু ক্ষতি হৈছে৷ বানাক্ৰান্ত লোকসকলক মই আশ্বাস প্ৰদান কৰিছো যে কেন্দ্ৰ, ৰাজ্য চৰকাৰে সহযোগিতাৰে প্ৰভাৱিত লোকসকলক সাহায্য প্ৰদানৰ বাবে ক্ষীপ্ৰ গতিৰে কাম কৰি আছে৷ যেতিয়া টিভি চাও তেতিয়া বাৰিষাৰ এটাই দৃশ্য দেখিবলৈ পাও- সেয়া হ’ল চাৰিওফালে বান, ভৰা পানী, ট্ৰেফিক জাম৷ বাৰিষাৰ দ্বিতীয়খন ছবি- য’ত আমাৰ কৃষকসকল আনন্দিত হৈ উঠে, পক্ষীয়ে উমলে, বৈ থকা জুৰি, সেউজীয়া চাদৰ পিন্ধা ধৰিত্ৰী- এয়া প্ৰত্যক্ষ কৰাৰ বাবে আপোনালোকে নিজেই পৰিয়ালৰ সৈতে বাহিৰলৈ ওলাব লাগিব৷ বাৰিষাই প্ৰাণোচ্চলতা আৰু আনন্দ অৰ্থাৎ Freshness আৰু Happiness, দুয়োটাকে লৈ আনে৷ এই বাৰিষাই যাতে আপোনালোকক নিৰন্তৰে সুখ প্ৰদান কৰক এয়াই মোৰ কামনা৷ আপোনালোক সকলোৱেই সুস্থ হৈ থাকক৷

মোৰ মৰমৰ দেশবাসীসকল, ‘মন কী বাত’- ক’ত আৰম্ভ কৰিম, ক’ত বিৰতি ল’ম- এয়া এক কঠিন কাৰ্য৷ কিন্তু সময়ৰো সীমা এটা আছে৷ এমাহৰ অপেক্ষাৰ পিছত পুনৰ আহিম৷ পুনৰ লগ পাম৷ মাহটোত আপোনালোকে মোক বহু কথা ক’ব৷ মই আগন্তুক ‘মন কী বাত’ত সেয়া উল্লেখ কৰাৰ বাবে প্ৰয়াস কৰি আৰু মই মোৰ যুৱ বন্ধুসকলক পুনৰবাৰ সোঁৱৰাই দিছো৷ কুইজ প্ৰতিযোগিতাৰ সুযোগ নেহেৰুৱাব৷ আপোনালোকে শ্ৰীহৰিকোটালৈ যোৱাৰ সি সুযোগ পাইছে সেয়া কোনো পৰিস্থিতিতেই নেহেৰুৱাব৷ আপোনালোক সকলোলৈ অশেষ ধন্যবাদ৷ নমস্কাৰ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here