প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,৩০জুলাইঃ কথাতে কয় নহ’য় বোলে, আছে গৰু নাবাই হাল,থকাতকৈ নথকাই ভাল !
হয়,বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ উন্নয়ন কৰিছে ঠিকেই পিছে চৰকাৰী আঁচনি ৰূপায়ণৰ নামত চাইনবোৰ্ডখন লগায়েই নিজৰ দায়িত্ব সামৰিছে ভালেমান ঠাইত৷ পিছে এই অভিযোগ আমাৰ নহয়,ৰাইজৰহে ৷
আজি আমি দেখুৱাবলৈ বিচাৰিছো হোজাই জিলাৰ অন্তৰ্গত খাগৰিজানৰ পৰা লামাটিলৈ যোৱা ৯ কিলোমিটাৰ ৰাস্তাৰ দুৰাৱস্থা ৷
এই ৰাস্তাটোৰ নিৰ্মাণৰ বাবে এম.জি.এনৰেগা আঁচনিৰ অধীনত যোৱা ২০১৬-১৭ বৰ্ষতে আবন্টিত মুঠ ২০,২০০০০ টকা আবন্টিত হৈছিল যদিও আজিও সম্পূৰ্ণ হৈ নুঠিল ৰাস্তাৰ কাম ফলত যাতায়তৰ বাবে যমৰ যাতনা ভূগিবলগীয়া হৈছে অঞ্চলবাসীয়ে, এতিয়া প্ৰশ্ন হয় কাৰ ভূলৰ বাবে অঞ্চলবাসীয়ে ভূগিবলগীয়া হৈছে এনে যমৰ যাতনা ৷
দুৰ্নীতিৰ কথা ক’বলৈ গলে পূৰ্বৰ কংগ্ৰেছৰ চৰকাৰখনৰ কথা মনলৈ আহে যদিও দুৰ্নীতিৰ বিৰুদ্ধে শূণ্যসহনশীলতা নীতি অবলম্বন কৰি অহা বৰ্তমানৰ বিজেপি চৰকাৰখনে এনেধৰণৰ ৰাইজৰ সমস্যাসমূহ দূৰ কৰিবলৈ সক্ষম হ’বনে সেয়াই পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷