হোজাইত এটা পথে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰঃ পথত আছে গাৰ্ডেন,চি চি কেমেৰা, জিৰণি চ’ৰা আৰু ব্যৱহাৰ নোহোৱা টায়ৰ,বাঁহৰ ফুলৰ টাব

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,৩০জুলাইঃ হোজাই পৌৰসভাৰ অধীনৰ এটা পথে দৃষ্টি আকৃষ্ট কৰিছে ৰাইজৰ।

স্বচ্ছতাৰ দিশত অধিক গুৰুত্ব দিয়া পথছোৱাত আছে চিচি কেমেৰা ফুলৰ বাগিচা ,পথৰ দুয়োকাষে গছ ৰোপণ, জিৰণি চ’ৰা আদিও।

হোজাই পৌৰ সভাৰ ১৫ নম্বৰ ৱাৰ্ডৰ ৰাইজে একত্ৰিতভাৱে স্বচ্ছতাৰ দিশত গুৰুত্ব দি পথছোৱা সুন্দৰকৈ এনেদৰে সজাই তুলিছে।

পৌৰ সভাৰ পুঁজিৰে পথ মেৰামতি হৈছে যদিও ৰাইজে পথছোৱাৰ পৰিষ্কাৰ আৰু সৌন্দৰ্যৰ ক্ষেত্ৰৰ নিজা পুঁজিৰে চিচি কেমেৰাৰ পৰা আৰম্ভ কৰি ফুলৰ বাগিচা আৰু অন্যান্য ক্ষেত্ৰত উদ্যোগ লোৱা কাৰ্য্যৰ অন্যান্য ৱাৰ্ডৰ ৰাইজে শলাগ লৈছে।

ভাৰত মাতা যদি আমাৰ মাতৃ তেন্তে এই ভূমি ভাৰত মাতাৰ অংশ সেয়েহে নিজৰ পৰিবেশ স্বচ্ছতা ৰখাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য বুলি ৰাইজে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে হোজাইত প্ৰথমটো চিচি কেমেৰা পথ থকা পথ হিচাপে পৰিগণিত হৈছে এই পথছোৱা।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here