নিয়মিত শৰীৰ চৰ্চাই শৰীৰ আৰু মন সবল কৰি ৰাখেঃ বিদ্যা ভাৰতীৰ মহানন্দ দাস

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৩০জুলাইঃ বিদ্যা ভাৰতীৰ শৈক্ষিক প্ৰকল্প, হাজোংবড়ীত শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় শাৰীৰিক প্ৰশিক্ষণ বৰ্গ আৰু প্ৰশ্নপত্ৰ নিৰ্মাণ কৰ্মশালা দেওবাৰৰ পৰা আৰম্ভ হৈছে।

এই দুয়োটা অনুষ্ঠানৰ উদ্বোধন কৰে বিদ্যা ভাৰতীৰ অসম প্ৰান্তৰ প্ৰশিক্ষণ প্ৰমুখ মহানন্দ দাসে। প্ৰশ্ন কাকত তৈয়াৰ কৰাৰ সময়ত কোনবোৰ দিশত গুৰুত্ব দিয়া উচিত এই বিষয়ত দাসে কয়- বিদ্যা ভাৰতীৰ প্ৰশ্নপত্ৰ এনেধৰণৰ হব লাগে যাতে ছাত্ৰ- ছাত্ৰীয়ে নিজৰ পাঠ গভীৰভাৱে অধ্যয়নৰ প্ৰতি আগ্ৰহী হয়। শিক্ষা ব্যৱস্থাৰ মূল্যাংকনৰ মূল ভেটি হৈছে প্ৰশ্নপত্ৰ। গতিকে প্ৰশ্নপত্ৰ আদৰ্শ আৰু গুণগ্ৰাহী হব লাগে।

শৰীৰ চৰ্চাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত দাসে কয়- “শৰীৰ আদ্যং খলু ধৰ্মসাধনং” । জীৱনৰ মূল ভেটি হৈছে শৰীৰ। শৰীৰ নাথাকিলে মন, প্ৰাণ সকলো অৰ্থহীন।এগৰাকী শাৰীৰিক আচাৰ্য হিচাপেই নহয়, প্ৰতিজন আচাৰ্য-আচাৰ্যাই নিজৰ শৰীৰ সুস্থ কৰি ৰাখিবলৈ নিয়মিত শৰীৰ চৰ্চা কৰিব লাগে আৰু ছাত্ৰ-ছাত্ৰীকো এই ক্ষেত্ৰত আগ্ৰহী কৰা প্ৰয়োজন।

সন্ধিয়া ৬:৩০ বজাত আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰি প্ৰাস্তৱিক ভাষণ ৰাখে শিশু শিক্ষা সমিতি অসমৰ পৰীক্ষা পৰিষদৰ সভাপতি আৰু শিশু শিক্ষা সমিতি অসমৰ সদস্য আৰতি ভট্টাচাৰ্যই আৰু শাৰীৰিক কৰ্মশালাৰ ফালৰ পৰা প্ৰাস্তৱিক ভাষণ ৰাখে শিশু শিক্ষা সমিতি, অসমৰ শাৰীৰিক প্ৰমুখ দ্বীপেন ৰাভাই।

উদ্বোধনী অনুষ্ঠানৰ আঁতধৰে শিশু শিক্ষা সমিতি, অসমৰ পৰীক্ষা বিভাগৰ তত্বাবধায়ক মনমোহন কলিতাই।

প্ৰশ্নকাকত নিৰ্মাণ কৰ্মশালাত গুৱাহাটী বিভাগৰ পৰা ১২ গৰাকী,নলবাৰী বিভাগৰ পৰা ৯ গৰাকী,বঙাইগাও বিভাগৰ পৰা ১০ গৰাকী,নগাওঁ বিভাগৰ পৰা ১০ গৰাকী,শিৱসাগৰ বিভাগৰ পৰা ৬ গৰাকী,যোৰহাট বিভাগৰ পৰা ৮ গৰাকী,লখিমপুৰ বিভাগৰ পৰা ১২ গৰাকী,তেজপুৰ বিভাগৰ পৰা ৯ গৰাকী,পুৰুষ ৬৫ আৰু মহিলা ১১ গৰাকী মুঠ =৭৬ গৰাকী আৰু পৰীক্ষা পৰিষদৰ ১৫ গৰাকী সদস্যই অংশগ্ৰহণ কৰে।
শাৰীৰিক প্ৰশিক্ষণ বৰ্গত
গুৱাহাটী বিভাগৰ ৬ ,
নলবাৰী বিভাগৰ ২,
বঙাইগাও বিভাগৰ ২,
তেজপুৰ বিভাগৰ ৪,
নগাঁও বিভাগৰ ৬,
যোৰহাট বিভাগৰ ২,
শিৱসাগৰ বিভাগৰ ৩, আৰু
লক্ষিমপুৰ বিভাগৰ এগৰাকী মুঠ ২৬ গৰাকী আচাৰ্য-আচাৰ্যাই অংশগ্ৰহণ কৰিছে।

উদ্বোধনী অনুষ্ঠানত শিশু শিক্ষা সমিতি ,অসমৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰ, যুটীয়া সম্পাদক জগন্নাথ ৰাজবংশীও উপস্থিত আছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here