জোনাই ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠ দান সামৰণি

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,৩০জুলাইঃ জোনাই ছাত্ৰ সন্থাৰ উদ্যোগত এমাহ যোৱাৰ কাৰ্যসূচীৰে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আয়োজন কৰিছিল আৰু আজি সফল সামৰণি পৰে।

জোনাই ছাত্ৰ সন্থাই, ছাত্ৰ-ছাত্ৰীসকলৰ ভবিষ্যত গঢ়া স্বাৰ্থত উক্ত বিনামূলীয়া পাঠ দান আয়োজন কৰে।

উক্ত পাঠ দানত অষ্টম শ্ৰেণী, নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

লগতে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰীক্ষা পাতে আৰু সৰ্বাধিক নম্বৰ পোৱাসকলক উদগণিমূলক বঁটা প্ৰদান কৰে।

উক্ত অনুষ্ঠানত ধেমাজি জিলা ছাত্ৰ সন্হাৰ বিষয় ববিয়াই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে কিছু গঠন মূলক আৰু শিক্ষামূলক মন্তব্য প্ৰদান কৰে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here