তিনিদিনৰ ভিতৰত জুবিন গাৰ্গে ব্ৰাক্ষণ সমাজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজকঃ জুবিনৰ মুখৰ কথাৰ কোনো মূল্য নাই, লিখিতভাৱে ক্ষমা খোজাৰ দাবী ব্ৰাক্ষণ সমাজৰঃ সুনিল কুমাৰ গোস্বামী

0
10

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১আগষ্টঃ ব্ৰাক্ষণ সমাজক লৈ বিৰূপ মন্তব্য আগবঢ়াই জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে অসমৰ ব্ৰাক্ষণ সমাজৰ ৰোষত পৰিছে৷

ইতিমধ্যে ৰাজ্যৰ কেইবাখনো থানাত গাৰ্গৰ বিৰূদ্ধে ব্ৰাক্ষণ সমাজৰ কেইবাগৰাকী প্ৰতিনিধিয়ে এজাহাৰ দাখিল কৰে৷

৩০জুলাইত অসমৰ কেইবাটাও ব্ৰাক্ষণ সমাজৰ সংগঠন একত্ৰিত হৈ গুৱাহাটী মহানগৰ জিলা ব্ৰাক্ষণ সমাজে গুৱাহাটী প্ৰেছক্লাবত এক সংবাদ মেল সম্বোধন কৰে৷

সংবাদ মেলত অসম ব্ৰাক্ষণ সমাজৰ সভাপতি সুনিল কুমাৰ গোশ্বামীয়ে কয় যে জুবিন গাৰ্গৰ কথাৰ কোনো মূল্য নাই ৷ তেওঁ আগতেই এনেকুবা কথা কৈ বহুবাৰ ক্ষমা খুজিছিল৷

পুনৰ মদৰ ৰাগীত ব্ৰাক্ষণ সমাজক অপমান কৰা আমি সহজভাৱে ল’ব পৰা নাই৷

তেওঁ ৰাজহুৱা ভাবে লিখিত প্ৰতিশ্ৰুতি দি ক্ষমা খুজিব বিচাৰে তেন্তে আমি ক্ষমা কৰাৰ থল আছে৷

অন্যথা আমি আদালতৰ কাষ চাপিবলৈ বাধ্য হম৷ গীত গাব জানিলেই কোনো সৰ্বে সৰ্বা জ্ঞানন্ত নহয় বুলি গোশ্বামীয়ে কয়৷

অহা তিনিদিনৰ ভিতৰত জুবিন গাৰ্গক ৰাজহুৱাভাৱে ব্ৰাক্ষণসমাজৰ ওচৰত ক্ষমা খোজাৰ লগতে আগন্তুক দিনত এনেকুৱা ব্ৰাক্ষণ সমাজক লৈ কুট মন্তব্য নিদিয়াৰ প্ৰতিশ্ৰুতি লিখিতভাৱে দিবলৈ জুবিন গাৰ্গক আহ্বান জনায় সভাপতি গৰাকীয়ে৷

উল্লেখযোগ্য যে ২৬ জুলাই তাৰিখে গুৱাহাটী মহানগৰীৰ এক সংগীত অনুষ্ঠানত জুবিন গাৰ্গে ব্ৰাক্ষণ সমাজৰ লগুন চিঙি পেলাব লাগে৷

লগতে ব্ৰাক্ষণ চামুনক মাৰিব লাগে বুলি কুট মন্তব্য আগবঢ়াইছিল গাৰ্গে৷ইয়াকে লৈ ৰাজ্যৰ ব্ৰাক্ষণ সমাজ জাঙুৰ খাই উঠিছে৷

জুবিন গাৰ্গৰ আহিবলগীয়া ছবি কাঞ্চনজংঘাত ব্ৰাক্ষণ সমাজৰ আসোঁৱাহ চিত্ৰ থাকিলে তাক আঁতৰ কৰিবলৈ চেন্সাৰ বৰ্ডক আহ্বান জনায় ব্ৰাক্ষণ মহাসভাই৷

অসম ব্ৰাক্ষণ মহাসভা অসম দেৱালয় সংস্কাৰ সমিতি আৰু গুৱাহাটী মহানগৰ জিলা ব্ৰাক্ষণ সমাজে যৌথভাৱে সংবাদ মেল সম্বোধন কৰে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here