জোনাই আৰু গুৱাহাটী সংযোগী ৰে’ল সেৱা বন্ধ

 

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী, ১আগষ্টঃ মূষলধাৰ বৰষুণৰ ফলত জীয়াঢ়ল নদীয়ে পুনৰ বাৰ তাণ্ডৱ সৃষ্টি কৰিছে।

জোনাই মুকংচেলেক আৰু গুৱাহাটী অভিমুখে যাত্ৰা কৰা ৰে’লখন আজি পুৱা ভাগত বন্ধ কৰি দিয়ে ।

জানিব পৰা মতে, জীয়ঢ়ল নদীত পানীৰ প্ৰকোপ বৃদ্ধি পোৱাত জীয়াঢ়ল অঞ্চলৰ ৰে’ল পথত থকা পকি কালভাৰ্টটোৰ কাষৰ মাটিসমূহ খহাই নিয়ে।

বিপদজনক দেখা পোৱা বাবে ধেমাজি ৰে’ল বিভাগৰ কৃতপক্ষই বৰ্তমানে ৰে’ল যাত্ৰা বন্ধ কৰে।

উল্লেখ্য যে পুৱা ভাগত জোনাই চহৰৰ পৰা ৰঙিয়া অভিমুখে যাত্ৰা কৰা যাত্ৰীবাহী ৰে’লখন আহিছিল যদিও যাত্ৰী সকলক ধেমাজি ৰে’ল ষ্টেচনত নমাই দিয়া হয় বুলি জানিব দিয়ে ৰে’ল কৰ্তৃপক্ষই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here