ধেমাজি জিলাত বলিয়া বানৰ কাল ৰূপ

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজীৰ পৰা ললিত শইকীয়া,১আগষ্টঃ ধেমাজি জিলাৰ প্ৰায়ভাগ অঞ্চল বানৰ কৱলত পৰিছে ।

জীয়াঢ়ল নদী পানী য়ে গঞাঁ ৰাইজ চকু কপালত তুলিছে । কৃষক সকলে পুনৰ বাৰ কৃষি কৰ্মৰ কৰিছিল যদিও বৰ্তমানে শ শ বিঘা কৃষি ভূমি নষ্ট হোৱা পৰিলক্ষিত হয় ।

দেখিবলৈ পোৱা গৈছে জীয়াঢ়ল অঞ্চলৰ শতাধিক গঞাঁ ঘৰ ভেঁটি আৰু অনুষ্ঠান-প্ৰতিষ্ঠান,চৰকাৰী বিদ্যালয় সমূহ পানীত বুৰ যায় ।

জীয়াঢ়ল নদী পানী বৃদ্ধিৰ পোৱাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ওপৰেদি কিছু কিছু থাইত পানী বাগৰি যোৱা সম্ভাৱনা আছে।

উল্লেখ্য যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ওপৰত থকা কুমতিয়া পকি দলংখনৰ তলৰ ৰেলিংত পানী য়ে খুন্দা মাৰি থকা দেখা পোৱা গৈছে ।

ইয়াৰ ফলত কাষতে থকা মথাউৰি ভাঙি যোৱা সম্ভাৱনা আছে। ইয়াকে লৈ বৰদলনি অঞ্চলৰ ৰাইজে চিন্তাত পৰিব লগা হৈছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here