লংকাত ট্ৰাক-বাইকৰ সংঘৰ্ষঃ নিহত বাইক আৰোহী

0
12

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,১আগষ্টঃ আজি বিয়লি লংকাৰ জোৰাপুখুৰীত সংঘটিত হোৱা এক শোকাৱহ পথ‌ দুৰ্ঘটনাত এগৰাকী বাইক আৰোহী থিতাতে নিহত হ’বলগীয়া হয়।

লংকা আৰক্ষী থানাৰ অন্তৰ্গত জোৰাপুখুৰীৰ ৫৪ নং ৰাষ্ট্ৰীয়‌ ঘাইপথত নগাঁৱৰ পৰা লংকা অভিমুখী এ এছ ০১ এম ৪৯০১ পঞ্জীয়ন নম্বৰৰ ট্ৰাকখনৰ সৈতে বিপৰীত‌ দিশৰ পৰা গৈ থকা এ এছ ০২ কে ৩৪৭৯ পঞ্জীয়ন নম্বৰৰ বাইকখনৰ মুখামুখি সংঘৰ্ষ হয়।

আৰু এই সংঘৰ্ষৰ ফলত বাইকখনৰ আৰোহীজন দুৰ্ঘটনাস্থলীতে নিহত হয়।

নিহত বাইক আৰোহীজনৰ নাম হোজাইৰ নভঙ্গাৰ ৰঞ্জন ওৰফে নিৰঞ্জন দাস বুলি জানিব পৰা গৈছে।

ইতিমধ্যে,দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক আৰু বাইকখন জব্দ কৰিছে আৰক্ষীয়ে।বাইক আৰোহীজন ভুল দিশৰে গৈ থকাৰ বাবেই দুৰ্ঘটনাটি সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

আনহাতে পিছত আৰক্ষীয়ে পলাই যোৱা ট্ৰাক চালকজনক অনুসন্ধান কৰি আটক কৰে। 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here