ডিগবৈৰ পাৱৈত হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজপথত ৰাইজে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ

0
53

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,১ আগষ্টঃ তিনিচুকীয়া জিলা ডিগবৈ পাৱৈত সংঘটিত এক হত্যাকাণ্ড ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে।

ঘটনাৰ অভিযুক্ত বিজেপি নেতা তথা ভাৰতীয় চাহ মজদূৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক নিৰ্মল দাস কালিন্দী আৰু তেওঁৰ ভাতৃ পৰিমল দাস কালিন্দিৰ বিৰুদ্ধে হত্যাৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰৰ দাবীত ডিগবৈ পাৱৈত ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰে স্থানীয় ৰাইজে৷

মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহ পথৰ মাজত থৈ পথ অৱৰোধ কৰি ৰাইজে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷ ৰাইজৰ লগত আৰক্ষীৰে খণ্ডযুদ্ধও সৃষ্টি হয়।

অভিযোগ মতে, নিৰ্মল দাসে পাৱৈ চাহ বাগিচাৰ নতুন লাইনৰ নিবাসী মংঙুলু তাঁতীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছে।

মৃত মংঙুলু তাঁতীৰ পৰিয়ালৰ লোকে বিজেপি নেতা আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে ডিগবৈ থানাত এজেহাৰ দাখিল কৰাৰ পাছতো ডিগবৈৰ বিধায়ক সুৰেন ফুকনে হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰাইজৰ।

মৃত মুংঙুলুৰ পুত্ৰ নামকি তাঁতীক যোৱা কালি সন্ধিয়া নিৰ্মল আৰু তেওঁৰ ভাতৃ কালিন্দিয়ে বেয়াকৈ মাৰপিত কৰাত কিয় তেওঁৰ পুত্ৰক মাৰপিত কৰিছিল বুলি সুধিবলৈ অহাত দেউতাকক বেয়াকৈ মাৰপিত কৰি চোকা অস্ত্ৰৰে হত্যা কৰে।

অন্যহাতে, থানাত এজেহাৰ দিয়াৰ পাছতো বিধায়কৰ ঘনিষ্ঠ বিজেপি নেতা হোৱাৰ বাবেই আৰক্ষীয়ে আটক নকৰাৰ অভিযোগ তুলি প্ৰতিবাদকাৰীয়ে প্রতিবাদত উত্তাল কৰি তুলিছে ৰাজপথ আৰু দোষীক গ্ৰেপ্তাৰৰ দাবী তুলিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here