উৰুকা ৰেষ্টুৰেণ্টত নতুন সংযোজনঃ ৰৱট পাল্কীয়ে সেৱা আগবঢ়াব গ্ৰাহকক

0
14

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২আগষ্টঃ মহানগৰীৰ শিলপুখুৰীত অৱস্হিত উৰুকা ৰেষ্টুৰেন্টত আজি ৰবটৰ জৰিয়তে গ্ৰাহকক সেৱা আগবঢ়োৱাৰ এক নতুন সংযোজন কৰা হয়৷

সম্পূৰ্ণ অসমীয়া খাদ্যসম্ভাৰেৰে পৰিপূৰ্ণ এই ৰেষ্টুৰেণ্টখনে আজি সম্পূৰ্ণ দুই বছৰ অতিক্ৰম কৰিলে৷

উত্তৰ পূৱৰ গ্ৰাহকসকলক থলুৱা বিভিন্ন মুখ ৰোচক খাদ্যৰে ব্যতিক্ৰমী ৰূপত প্ৰস্তুত কৰি সন্তুষ্ট প্ৰদান কৰি আহিছে৷

লগতে থলুৱা জলপান প্ৰস্তুত কৰি গ্ৰাহকক নতুন সোৱাদৰ আমেজ দি আহিছে৷ আজি দুবছৰীয়া উৎসৱ উপলক্ষে অনুষ্ঠিত কৰা এক অনুষ্ঠানত পাল্কী নামৰ যন্ত্ৰমানৱ (ৰবট) গ্ৰাহকৰ সেৱাৰ বাবে মুকলি কৰা হয়৷

স্বতাধিকাৰী ফাৰহানা চালেহে আনুষ্ঠানিকভাৱে পাল্কীক মুকলি কৰে৷

উল্লেখযোগ্য যে বি কৰিস্মাই আঁতধৰা অনুষ্ঠানত ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here