গুৱাহাটীত প্ৰডিজীকমিনিকেচনৰ পথ সুৰক্ষা অভিযান এলাৰ্ট টুডে এলাইভ টুমৰো

0
23

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২আগষ্টঃ প্ৰডিজীকমিনিকেচনৰ নামৰ এক বেচৰকাৰী সংস্হাই অহা ৪ আগষ্ট তাৰিখে পুৱা ৯ বজাৰ পৰা দিনৰ ১বজালৈ মহানগৰীৰ জি এছ ৰোডত এলাৰ্ট টুডে এলাইভ টুমৰু আয়োজন কৰিছে৷

এনই সজাগতা অভিযানৰ মূল উদ্দেশ্য হ’ল যানবাহনৰ নিয়মাৱলী আৰু পথ সুৰক্ষাৰ বিষয়ে সচেতন কৰা৷

অভিযান সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত যান বাহন বিভাগৰ উপ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া কয় অসবাধনভাৱে গাড়ী চলোৱাৰ ফলত হোৱা পথ দুৰ্ঘটনা সংখ্যা হ্ৰাস কৰিবলৈ হলে মানুহৰ মাজত সজাগতা আনিব লাগিব৷

ইয়াৰ বাবে এনেকুৱা পদক্ষেপ লোৱা সঁচাকৈয়ে আদৰণীয়৷

এই অভিযানৰ বাবে আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগীতা আগবঢ়াব বুলি আৰক্ষী বিষয়া জনে উল্লেখ কৰে ৷

সংবাদ মেলত ব্ৰেন্ডএম্বাচাদৰ দিগন্ত দাসে কয় যে গাড়ী চালক আৰু পথ চাৰী হিচাপে পথত কেনেকুৱা সাৱধান হব লাগে সেই বিষয়ে সজাগ কৰিটো আমাৰ মুল উদ্দেশ্য বুলি তেওঁ কয় ৷ উল্লেখযোগ্য যে মহানগৰীৰ এবিচি পইন্টৰ সমীপত এক বিশেষ অনুষ্ঠান আয়োজন কৰা হ’ব ৷

ইয়াৰ পিছতে দুইচকীয়া আৰু চাৰি চকীয়া বাহনৰে প্ৰায় তিনিশতাধিক লোকৰ উপস্থিতিত এক ৰেলী উলিওৱা হ’ব৷

এবিচি পইন্টৰ পৰা আৰম্ভ হ’বলগীয়া ৰেলী গনেশগুৰি জুৰোড চানমাৰি শিলপুখুৰীৰ গুৱাহাটী ক্লাৱ হৈ উলুবাৰী বি.কে. কাকতী ৰোডৰ পৰা ভঙাগড় দিশৰ পৰা এবিচি পইন্টত সমাপ্ত হ’ব৷

প্ৰতিষ্ঠানটোৰ সঞ্চলক ফাল্গুনী চৌধৰী জৈনে এই সজাগত অভিযানত সকলো ৰাইজৰ সহায় সহাযোগীতাৰ লগতে উপস্থিতি কামনা কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here