প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২আগষ্টঃ ৰাষ্ট্ৰীয় কবি সংগমৰ অসম প্ৰান্তৰ উদ্যোগত অহা ৪ আগষ্ট তাৰিখে মহানগৰীৰ মাছখোৱা স্হিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত ৰাষ্ট্ৰীয় কবি সন্মিলন আয়োজন কৰা হৈছে৷
এই সন্মিলনত সত্যনাৰায়ণ সন্তন ‘নৱৰস’, ড° ৰহত ইন্দোৰী শায়ৰ, ড° কৰ্নেল বিপি সিংহ, বীৰ দাস, ড° জোৎস্না শৰ্মা ‘শৃংগাৰ ৰস’, ড°অনিল চৌৱে (হাস্য ৰস) অংশগ্ৰহণ কৰি কবিতা পাঠ কৰিব৷
এই সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত ৰাষ্ট্ৰীয় কবি সংগমৰ অসম প্ৰান্তৰ প্ৰান্তীয় অধ্যক্ষ চন্দ্ৰ প্ৰকাশ পোদ্দাৰে কয় ‘দেশৰ ছয়গৰাকী বিশিষ্ট কবিয়ে এই সন্মিলনখনত অংশগ্ৰহণ কৰি তেওঁলোকৰ নিজস্ব কবিতা আবৃত্তিৰে আমাক মাজত জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব’ বুলি অধ্যক্ষগৰাকীয়ে কয়৷
উপাধক্ষ চুৰেণ কুমাৰ ৰাগবীয়ে সংবাদমেলত উপস্থিত থাকি কয় এই সন্মিলন ন-পুৰণিৰ এক সমহাৰ৷
দেশৰ লগতে বিশ্বত নাম প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস৷ সম্পূৰ্ণ হিন্দীৰ লগতে থলুৱা ভাষাৰ কবিতাই একেলগে আগবাঢ়িব বুলি তেওঁ উল্লেখ কৰে ৷
উল্লেখযোগ্য যে অনুষ্ঠানত সকলো জনসাধাৰণৰ সহায়-সহাযোগীতাৰ লগতে উপস্থিতি কামনা কৰে ৰাষ্ট্ৰীয় কবি সংগ্ৰাম অসমে৷