প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,২আগষ্টঃ দ্ৰুত গতিত বৃদ্ধি পোৱা একাংশ টেম্পো ট্ৰাকৰ দৌৰাত্ম্যৰ বাবে এতিয়া তীব্ৰ যানজঁটৰ সৃষ্টি হৈ পৰিছে লংকা চহৰত।
এই যানজঁটৰ মূলতেই হৈছে একাংশ ১০/১২ চকীয়া মালবাহী ট্ৰাক।
যান বাহন আইন উলংঘা কৰি চহৰখনৰ মাজেৰে অহৰহ চলাচল কৰি থকা ট্ৰাকসমূহৰ বাবে এতিয়া সৃষ্টি হৈছে তীব্ৰ যান জঁটৰ।
উল্লেখ্য যে, তীব্ৰ যানজঁটৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ট্ৰাকসমূহ চলাচলৰ ক্ষেত্ৰত নীতি নিয়ম বান্ধি দিছিল।
সেই অনুসৰি কিছুমান সময় নিৰ্ধাৰণ কৰি দি চহৰখনৰ মাজ মজিয়াৰে ট্ৰাক চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
কিন্তু,বৰ্তমান সেই যান বাহন আইন উলংঘা কৰি চহৰ খনৰ মাজ মজিয়াৰে ট্ৰাকসমূহ চলাচল কৰিবলৈ লোৱাত চহৰখনত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ।
স্থানীয় ৰাইজে চহৰখনৰ এই জটিল সমস্যা সন্দৰ্ভত প্ৰশাসনক বাৰম্বাৰ অৱগত কৰি অহাৰ পাছতো প্ৰশাসনে বিষয়টোত গুৰুত্ব নিদিয়াৰো এক অভিযোগ উত্থাপন হৈছে।
এতিয়া লংকা যানবাহন আৰক্ষী তথা জিলা প্ৰশাসনে এই সমস্যাৰ পৰা লংকাবাসীক কেনেদৰে পৰিত্ৰাণ দিয়ে সেয়া সময়তহে লক্ষণীয় হ’ব।