নৃত্যশিল্পী হিমাশ্ৰী দাসৰ কৃতিত্ব

0
10

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২আগষ্টঃ অলপতে দেৰাডুনত অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় ‘মনু ৰং মহোৎসৱ’ত নৃত্য প্ৰতিযোগিতাৰ বিভিন্ন শিতানত অংশ গ্ৰহণ কৰি হিমাশ্ৰী দাসে অসমলৈ সুনাম কঢ়িয়াই আনিছে।

তেওঁ সত্ৰীয়া নৃত্যত প্ৰথম স্থান, লোকনৃত্যত (বিহু) প্ৰথম স্থান আৰু আধুনিক নৃত্যত দ্বিতীয় স্থান বুটলিবলৈ সক্ষম হয়।

ইতিমধ্যে হিমাশ্ৰীয়ে অসমৰ বিভিন্ন মঞ্চত সত্ৰীয়া, বিহু আৰু আধুনিক নৃত্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি এশৰো অধিক পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে।

বিভিন্ন মঞ্চত প্ৰদৰ্শনীমূলক নৃত্য পৰিৱেশন কৰিও তেওঁ সুখ্যাতি অৰ্জন কৰিছে।

লগতে তেওঁ ২০১৯ চনৰ ‘নৃত্য উপাসনা বঁটা’ও লাভ কৰিছে।

হিমাশ্ৰীয়ে বৰ্তমান জনপ্ৰিয় নৃত্য পৰিচালিকা জলি বৰা আৰু নীতা মালাকৰৰ অধীনত নৃত্যৰ শিক্ষা গ্ৰহণ কৰি আছে।

তেওঁ গুৱাহাটী ৰিফেইনাৰী হাইস্কুলৰ ছাত্ৰী আৰু জ্যোতি নগৰ নিবাসী মণ্টু দাস আৰু জেউতি দাসৰ জ্যেষ্ঠ কন্যা।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here