গাৰ্নিয়াৰ মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট গুৱাহাটীতঃ ৮ – ৯ আগষ্টত গ্ৰেন্ড ফিনালে

0
15

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২আগষ্টঃ উত্তৰ পূৰ্বাঞ্চলৰ ফেশ্বন তথা সৌন্দৰ্য অনুষ্ঠানৰ আয়োজক মেগা এন্টাৰটেইমেন্টে অহা ৮-৯ আগষ্ট তাৰিখে দুইদিনীকৈ মহানগৰীৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত সৌন্দৰ্যৰ প্ৰতিযোগিতাৰ গ্ৰেন্ড ফিনালে অনুষ্ঠিত কৰিছে৷

এই সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত মেগা এন্টাৰটেইমেন্টেৰ প্ৰতিস্হাপক অভিজিত সিংহই কয় যে ইটানগৰ ’ তেজপুৰ’ কোকোৰাঝাৰ’ আগৰতলা’ শ্বিলং ইম্ফল’ আৰু গুৱাহাটীত অনুষ্ঠিত হোৱা অ’ডিচনৰ জৰিয়তে ৫০ গৰাকী পুৰুষ আৰু ৫০ গৰাকী মহিলাক গ্ৰেন্ড ফিনালেৰ বাবে ইতিমধ্যে নিৰ্বাচিত কৰা হৈছে৷

এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ তিনিগৰাকীকৈ প্ৰতিযোগীক এক প্ৰৰ্যায়ৰ বিজেতা হিচাপে নিৰ্বাচিত কৰা হ’ব৷

তিনিও গৰাকী প্ৰতিযোগীয়ে সম প্ৰৰ্যায়ৰ মুকুট পিন্ধিবলৈ সক্ষম হ’ব বুলি সিংহই কয়৷

সংবাদ মেলত ২০১৮ মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ বিজয়ী হীৰক জ্যোতি কলিতা আৰু মেগা মিছ নৰ্থ ইষ্ট ২০১৮ ৰ বিজয়ী জ্যোতিস্মিতা বৰুৱা উপস্থিত থাকি তেওলোকৰ অভিজ্ঞতা সম্পৰ্কে বক্তব্য আগবঢ়াই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here