ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত এইবাৰৰ যুৱ প্ৰতিনিধি দল ৰাছিয়ালৈ

0
65

প্ৰাগজ্যোতিষ বাৰ্তা,৩জুলাইঃ ভাৰতৰ সৈতে চীন, ৰাছিয়া, দক্ষিণ কোৰিয়া আদি দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে প্ৰতিবছৰে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত একোটাকৈ যুৱ প্ৰতিনিধি দল উক্ত ৰাষ্ট্ৰসমূহলৈ পঠোৱা হয় আৰু অন্য দেশৰ পৰাও ভাৰতলৈ আহে।

বিভিন্ন দেশত এই যুৱ প্ৰতিনিধিসকলে সেই দেশৰ আন্তঃগাঁঠনি, শৈক্ষিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উন্নয়ণ আৰু প্ৰকল্পসমূহৰ ওপৰত চমু অধ্যয়ণ কৰে, অংশগ্ৰহণ কৰে বিভিন্ন সন্মিলন আৰু বৈঠকত।

যুৱ প্ৰতিনিধিসকলৰ এই আভ্যন্তৰীণ মত বিনিময়ৰ দ্বাৰা নৱপ্ৰজন্মৰ চিন্তাৰে দেশৰ প্ৰগতিৰ বাটত নতুন পথ মুকলি কৰাৰ বাবে এই প্ৰচেষ্টা।

এই বছৰ ৰাছিয়ালৈ যোৱা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৩২ জনীয়া যুৱ প্ৰতিনিধি দলটিত অসমৰ পাঁচজন সদস্য ক্ৰমে জিতাংকুৰ দাস, যুগান্ত দাস, মিমো দাস, মানস শৰ্মা আৰু ৰাণীমা বৰঠাকুৰে স্থান পায় আৰু যুৱ নেতা তথা ডিজিটেল মিডিয়া প্ৰবন্ধক জিতাংকুৰ দাসে যুৱ দলটিক নেতৃত্ব দিয়ে।

৮ দিনীয়া এই ভ্ৰমণসূচীত দলটিয়ে ৰাছিয়াৰ ছেইন্ট পিটাৰ্চবাৰ্গ, মস্কো আৰু নভোগৰদ চহৰ তিনিখনত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

৩২ জনীয়া এই দলটিৰ লগত ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুয়েও ভাগ লৈছিল।

ভাষণৰত জীতাংকুৰ দাস

এই ভ্ৰমণসূচীৰ অন্তিম দিনটোত ৰাছিয়াৰ মস্কোস্থিত চিভিক চেন্টাৰ অফ ফেডাৰেচন অফ ৰাছিয়াত দুয়ো দেশৰ যুৱ প্ৰতিনিধিসকলৰ মাজত অনুষ্ঠিত হোৱা আলোচনাচক্ৰত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, ৰাছিয়াস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত ভেংকটেশ বাৰ্মা আৰু ৰাছিয়া চৰকাৰৰ বহুতো উচ্চ বিষয়া য’ত দুই দেশৰ বন্ধুত্ব অধিক দৃঢ় কৰাৰ বাবে যুৱ প্ৰতিনিধিসকলে বিভিন্ন প্ৰস্তাৱ আৰু প্ৰকল্প ডাঙি ধৰে।

অসমৰ জিতাংকুৰ দাসে ভাৰতীয় আদৰ্শ, প্ৰমূল্যবোধ আৰু বৈদিক শিক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ উচ্চ প্ৰযুক্তি আৰু শৃংখলাবদ্ধ গৱেষণাৰ মাধ্যমেৰে দুইখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে এই যুটিয়ে সমগ্ৰ পৃথিৱীত আন্তৰ্জাতিক শান্তি ৰক্ষাৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল’ব পাৰিব বুলি ভাষণ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here