প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,৩ আগষ্টঃ তিনিচুকীয়া জিলাৰ ডিগবৈত ২ আগষ্টৰ নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘঠিত হৈছে।
তৈলনগৰী ডিগবৈ নাজিৰাটিঙৰ উভতাজনৰ পথত খোজ কাঢ়ি ঘৰলৈ গৈ থকা অৱস্থাত এজন যুৱকক বাটত কোনো দুৰ্বৃত্তই দাৰে ঘপিয়াই ডিঙি কাটি হত্যা কৰি পেলাই থৈ যায়।
মৃত লোকজন উভতাজনৰে নিবাসী বুধুৱা বির্চা বুলি জানিব পৰা গৈছে।ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে।
ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
কোনে কিয় এনেদৰে যুৱকজনক হত্যা কৰি পেলাই থৈ গ’ল ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই,সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত।
আৰক্ষীৰ তদন্ততহে ঘটনা প্ৰকৃত কাৰণ পোহৰলৈ আহিব।
Facebook Comments