হোজাই জিলাৰ লংকাত চাঞ্চল্যঃ দিনদুপৰতে ধৰ্ষণৰ অভিযুক্তক ডেগাৰেৰে উপৰ্যুপৰি আক্ৰমণঃ সংকটজনক অৱস্থাত চিকিৎসাধীন হজৰত আলী ওৰফে বাকাৰ

0
16

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,৩জুলাইঃ এগৰাকী কিশোৰীক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত শুকুৰবাৰে দিনদুপৰতে অভিযুক্তক ডেগাৰেৰে আক্ৰমণ চলালে নিৰ্যাতিতা কিশোৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃয়ে।

লংকা বজাৰৰ মাজ মজিয়াত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

আৰু আক্ৰমণ কৰিয়েই লংকা থানাত আত্মসমৰ্পন কৰা কিশোৰী গৰাকীৰ ভাতৃয়ে স্বীকাৰ কৰিলে আক্ৰমণ চলোৱাৰ কথা।

ঘটনা অনুসৰি,বৄহস্পতিবাৰে নিশা লংকা আৰক্ষী থানাৰ অন্তৰ্গত আমতলাত সংঘটিত হৈছিল এই জঘন্য‌ ঘটনা।

মহৰ আলি আৰু তহৰ আলিৰ ভগ্নীক নিশা অসৎ চৰিতাৰ্থ ৰূপায়ণ কৰাৰ অভিযোগ উঠিছিল হজৰত আলি ওৰফে বাকাৰৰ বিৰুদ্ধে ।

সেই জঘন্য ঘটনাৰ কথা জানিব পাৰি খঙত অগ্নিশৰ্মা হৈ পৰিছিল দুই ভাতৃ ।

ইফালে,শুকুৰবাৰে দুই ভাতৃ ক্ৰমে মহৰ আলি আৰু তহৰ আলিয়ে লংকা বজাৰত হজৰত আলি ওৰফে বাকাৰক প্ৰত্যক্ষ কৰি হিতাহিত জ্ঞান হেৰুৱাই তহৰ আলিয়ে দেগাৰেৰে বাকাৰক উপৰ্যুপৰি আক্ৰমণ চলায় সেই স্থানৰ পৰা পলায় আহি লংকা থানাত আত্মসমৰ্পন কৰে।

আনহাতে,আক্ৰমণত গুৰুত্বৰভাৱে আহত হোৱা হজৰত ওৰফে বাকাৰক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত লংকেশ্বৰী হাস্পাতালত ভৰ্তি কৰোৱা হয়।

ইফালে,নিৰ্যাতিতা কিশোৰী গৰাকীক ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া লংকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here