কটন বিশ্ববিদ্যালয় আছু গোটৰ বুক বেংক মুকলি

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মণীষা শৰ্মা,৫আগষ্টঃ প্ৰতি বছৰৰ দৰে এইবাৰো কটন বিশ্ববিদ্যালয় আছু গোট আৰু ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰম্ভ কৰিছে বুক বেংকৰ।

প্ৰধানত দুখীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যাতনিক দিশত সুবিধা হোৱাকৈ ৰজনীকান্ত বৰদলৈ ছাত্ৰবাসৰ আবাসী সকলে প্ৰতি বিগত কেইবাবছৰধৰি এনে ধৰণৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে।

উল্লেখযোগ্য যে এই বুক বেংকত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ লগত জড়িত গ্ৰন্থৰ লগতে বিগত বর্ষৰ প্ৰশ্নকাকত লাভ কৰাৰ ওপৰিও।

প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সমল পুথি লাভ কৰিব বুলি জনাইছে কটন কলেজ আছু গোটৰ উপ সভাপতি ঋষিকেশ দত্তই।

বুক বেংকৰ পৰা কিতাপ ল’ব বিচৰা ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে লগতে যিসকল সদাসয় ব্যক্তি বা প্ৰতিষ্ঠানে গ্ৰন্থ আগবঢ়াব বিচাৰে তেওঁলোকে আৰ্শ্বাদ ইফটিককাৰ ৰহমান ৯৬৭৮৮৫৩০৫৮ অভিজিৎ ৰহমান ৯১০১৯১৬৩৮৫ নাইবা ঋষিকেশ দত্তৰ ৯৭০৬২৬৩৭১৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here