লংকাত ৰহস্যজনক ভাৱে বেংক কৰ্মচাৰীক চীপ লোৱা অৱস্থাত উদ্ধাৰঃ হত্যাৰ সন্দেহ

0
13

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,৫আগষ্টঃ লংকাৰ ভালুকমাৰী ইউনিউন বেংকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গফুৰ দাস নামৰ লোকজনক সোমবাৰে পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘৰৰ কাষতে থকা এখন ব্ৰইলাৰ ফাৰ্মত মৃত অৱস্থাত সন্দেহজনকভাৱে ডিঙিত ৰচী লগাই থোৱা অৱস্থাত উদ্ধাৰ হয় লোকজন।দেওবাৰে নিশা ব’লব’ম যাত্ৰাৰ বাবে ৰেংবেংলৈ যাও বুলি ঘৰৰপৰা ৮মান বজাত ওলাই যোৱা গফুৰ দাসক পুৱা এইদৰে সন্দেহজনক অৱস্থাত উদ্ধাৰ কৰা হয়।

লংকা আৰক্ষী উপস্থিত হৈ প্ৰাথমিক অনুসন্ধানত লোকজনৰ মৃতদেহৰ কাষতে মদৰ বটল,গিলাচ আৰু পাণীৰ বটল উদ্ধাৰ কৰিছে।

জানিব পৰামতে,বেংক কৰ্মচাৰী মৃত গফুৰ দাসক নিশা দুজন লোকৰ সতে একেলগে দেখা গৈছিল।

আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে স্নিফাৰ ডগৰ সহায়তো অনুসন্ধান চলায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here