গাওঁৰক্ষী বাহিনী দ্বাৰা বান সাহায্য প্ৰদান

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা,৫ আগষ্টঃ বিভিন্ন সময়ত গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকলে আৰ্তজনৰ কাষত থিয় হৈ সহায় সহযোগ কৰি অহাতো সৰ্বজন বিদিত।

আজিও তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমা গাওঁৰক্ষী বাহিনীৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত গাওঁৰক্ষী বাহিনীয়ে বানপীড়িত শদিয়া লাইনা বাসী মাজত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰে।

মাৰ্ঘেৰিটা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত গ্ৰহণ কৰা এই বান সাহায্য বিতৰণ কাৰ্যসূচীত মাৰ্ঘেৰিটা মহকুমা গাওঁৰক্ষী বাহিনীৰ উপঃউপদেষ্টা বিকাশ বৰুৱা , মাৰ্ঘেৰিটা থানাৰ কমিটিৰ উপ-সভাপতি ৰাজেন্দ্ৰ ৰাই, সম্পাদক প্ৰবীন নেওঁগৰ লগতে গাওঁৰক্ষী বাহিনীৰ বহু সদস্য উপস্থিত থাকে।

মাৰ্ঘেৰিটা গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকলে নিজৰ মাজতে সংগ্ৰহ কৰা খাদ্য সামগ্ৰীসমূহ পুৱা মাৰ্ঘেৰিটা পৰা লৈ গৈ শদিয়া লাইনা অঞ্চলত বিতৰণ কৰে।

এই খাদ্য সামগ্ৰীৰ বিতৰণত লাইনা অঞ্চলৰ গাওঁবুঢ়া নন্দ সোণোৱালে সহযোগিতা আগবঢ়াই।

প্ৰায় তিনি শতাধিক বানত আক্ৰান্ত পৰিয়ালৰ মাজত গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তা সকলে খাদ্য সামগ্ৰীৰ বিতৰণ কৰে।

বানপীড়িত লোকৰ মাজত মাৰ্ঘেৰিটাৰ গাওঁৰক্ষী বাহিনীয়ে লোৱা এই পদক্ষেপক অঞ্চলবাসীয়ে ভূয়সী প্ৰসংশা কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here