মাৰ্ঘেৰিটাত এন এছ চি এনৰ কেডাৰ আটক

0
22

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া, ৫ আগষ্টঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাৰ অন্তৰ্গত জাগুনত সেনাৰ ৰাজ ৰাইফলচে অভিযান চলাই ৩ আগষ্টত জাগুন ৯ মাইলত আটক কৰিলে এজন এন এছ চি এনৰ কেডাৰ।

কেডাৰ জনৰ নাম এছ এছ চাৰ্জেণ্ট ডনিয়াল চাংকে(২৮)জানিব পৰা মতে, যুৱকজনৰ ঘৰ অৰুণাচল প্ৰদেশৰ ম্যানমাৰ পাংচুপাছৰ নামপুং টাও গাঁৱত।

কেডাৰজনৰ পৰা সেনাই ইউ এছ এত নিৰ্মিত ৭.৬৫. এম এম এটা পিষ্টল,এটা মেগজিন, পাছ জাই সজীৱ গুলি উদ্ধাৰ কৰে।

সেনাই আটক কৰি পৰৱৰ্তী সময়ত লোকজনক লেখাপানী আৰক্ষীৰ জিম্মাত গতাই দিয়ে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here