হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৃষক মুক্তিৰ ধৰ্ণা

0
10

প্ৰাগজ্যোতিষ বাৰ্তা,হোজাই,৫আগষ্টঃ কাৰ্বিআংলং জিলাৰ সীমা নিৰ্দ্ধাৰণৰ দাবীৰ লগতে আন কেইবাটাও দাবী পূৰণৰ দাবীত সোমবাৰে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৃষক মুক্তি সংগঠনে এক ধৰ্ণা কাৰ্যসূৰ্চী ৰূপায়ণ কৰে|

হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কেইবা শতাধিক সমৰ্থক ,সদস্যই এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে |

পুৱা ১১ বজাৰ পকা ১ বজালৈকে ৰূপায়ণ কৰা ধৰ্ণাৰ অন্তঃত সংগঠনটোৱে কাৰ্বিআংলং জিলাৰ স্হায়ী সীমা নিৰ্দ্ধাৰণৰ দাবী জনোৱাৰ উপৰিও হোজাই জিলাৰ চাৰ্কেবস্তিত কাৰ্বি প্ৰশাসনৰ উচ্ছেদ অভিযানৰ ফলত উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ প্ৰদান,উচ্ছেদ অভিযানত মৃত্যু হোৱা কুলচোমা খাতুনৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী ,মাটিৰ পট্ৰা প্ৰদানৰ দাবীৰ লগতে আন কেইবাটাও দাবী সম্বলিত এক স্মাৰকপত্ৰ হোজাইৰ উপায়ুক্তক প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here