সৰু পৰ্দাৰ আঁৰে আঁৰে এভূমুকি

-ঘনশ্যাম দাস

 

অসমৰ সাংস্কৃতিক পথাৰখনত অন্য এক সংযোজন ৰং চেনেলৰ মেগা চিৰিয়েল ‘পৰিণীতা’। সঁচাকৈ টিভিৰ দৰ্শকক মনোৰঞ্জন দিব পৰা এখন মননশীল ধাৰাবাহিক পৰিণীতা।

১২০ টা খণ্ডৰ এই ধাৰাবাহিকখনৰ যোৱা ২০-৭-২০১৯ তাৰিখে সমাপ্তি ঘটে৷ ধাৰাবাহিকখনৰ সফল সমাপ্তিত প্ৰযোজক হৰগোবিন্দ মহন্তৰ আশাশুধীয়া প্ৰচেষ্টা স্বীকাৰ কৰিবই লাগিব৷ এই সফলতাত মঠঘৰীয়াবাসীৰ এক গৗেৰৱ নিহিত হৈ আছে৷

মঠঘৰীয়া অঞ্চলৰ এজন সাংস্কৃতিক কৰ্মী মহন্তদেৱে প্ৰযোজনা কৰা এই ধাৰাবাহিকখনে সমাজত এক বাৰ্তা দিবলৈ সক্ষম হৈছে৷

অসমৰ বস্ত্ৰ নগৰী শুৱালকুছিত জন্ম গ্ৰহণ কৰা হৰগোবিন্দ মহন্ত সৰুৰে পৰা সাংস্কৃতিক দিশত আগৰণুৱা আছিল৷

হাইস্কুল পৰ্যায়ৰ পৰাই বিভিন্ন মঞ্চত অভিনয় কৰি দশৰ্কৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা মহন্তদেৱ অসম সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া।

বিভিন্ন সামাজিক কামত নিজকে নিয়োজিত ৰখা মহন্তদেৱ সংস্কৃতিৰ লগতে সাহিত্য দিশতো বেচ দখল থকা লোক।

মঠঘৰীয়া শাখা সাহিত্য সভাৰ দুবছৰ কাল সম্পাদকহৈ তেখেতে সভাখনক এক গত প্ৰদান কৰিবলৈ সক্ষম হয়।

এজন নিষ্ঠাবান সাহিত্যকৰ্মী হিচাপে মঠঘৰীয়া অঞ্চলত তেখেত সুপৰিচিত। মঠঘৰীয়া অঞ্চলৰ প্ৰায়বিলাক সামাজিক কামত কম-বেছি পৰিমাণে জড়িত থকা মহন্তৰ সাংস্কৃতিক চিন্তা-চেতনাই আমাক বাৰুকৈয়ে আপ্লুত কৰিছে।

জাতীয় চেতনাৰে উদ্বুদ্ধ মহন্তদেৱে অসমীয়া ভাষা-সংস্কৃতিৰ উন্নতিৰ হকে কাম কৰি যোৱাটো বিচাৰে।

সেই উদ্দেশ্যকে সাৰোগত কৰি অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ আজীৱন সভ্য পদ গ্ৰহণ কৰা উপৰিও অসম সাহিত্য সভাৰ প্ৰতিটো অনুষ্ঠানত সহায়-সহযোগ আগবঢ়াই আহিছে।

তাৰ উদাহৰণ- বিশ্বায়নৰ যুগত ইংৰাজী মাধ্যমক ধামখুমীয়াতো অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি থকা দায়বদ্ধতা হিচাপে নিজৰ দুজন পুত্ৰক অসমীয়া মাধ্যমত পঢ়ুৱাই প্ৰতিষ্ঠিত কৰাৰ লগতে নাতিনী দুজনীকো অসম জাতীয় বিদ্যালয়তহে পঢ়ৱাইহে গৌৰৱবোধ কৰে।

বৰ্তমান সমাজত চলি থকা অন্ধ বিশ্বাসৰ বিৰোধিতা কৰি তেখেতে সমাজত ব্যক্তি সচেতনতাৰ অভাৱ বুিল অনুভৱ কৰে।

তেখেতে প্ৰযোজনা কৰা ধাৰাবাহিক পৰিণীতাই অসমৰ দৰ্শকৰ সমাদৰ লাভ কৰে। নয়ন সাউদ আৰু কল্পজ্যোতি দাসৰ কাহিনীত পৰিচালক কল্পজ্যোতি দােস অভিনেতা-অভিনেত্ৰীসকলৰ পৰা সফল অভিনয় আদায় কৰি ধাৰাবাহিকখন সফল কৰি তোলে।

ধাৰাবাহিকখনে সমাজত চলি থকা ঘটনা-পৰিঘটনাক বাস্তৱায়িত কৰিছে। অহংকাৰে কেনেকৈ একোখন সুন্দৰ ঘৰ থান-বান কৰি দিয়ে তাক প্ৰতীয়মান কৰিছে। সত্যৰ সদায় জয় মূল মন্ত্ৰটি ধাৰাবাহিকখনত পুনৰ প্ৰতিষ্ঠা কৰিছে।

ধাৰাবাহিকখনৰ কাৰিকৰী দিশসমূহ সুন্দৰ হৈছে। চিত্ৰ গ্ৰহণ যথেষ্ট উন্নতমানৰ।শব্দ, পোহৰ সকলো পৰিচালকে নিখুঁতভাবে উপস্থাপন কৰিব পাৰিছে। অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয় হৃদয়স্পৰ্শী।

বিশেষকৈ পৰিণীতাৰ চৰিত্ৰত হিমাক্ষী কলিতা, ৰণৰ চৰিত্ৰত সিদ্ধান্ত কলিতা, নিবিৰৰ চৰিত্ৰত কমল ৰেৱতীৰ অভিনয় অতি মনোগ্ৰাহী হৈছে।

ইয়াৰ উপৰিও এই ধাৰাবাহিকখনত অভিনয় কৰা ৰূপম বৰুৱা, লিপিকা বৰা মেধি, অপৰ্ণা দত্ত চৗেধুৰী, ডলি ভট্টাচায্য, জলি লস্কৰ, ৰঞ্জিতা কাশ্যপ, সুৰভি দাস আদিৰ লগতে নৱাগত অভিনেত্ৰী ৰাজশ্ৰী দাসৰ সফল অভিনয়ে দৰ্শকক আপ্লুত কৰাৰ লগতে ধাৰাবাহিকখনকো এখ বিশেষ মাত্ৰা দিবলৈ সমৰ্থ হয়। মঠঘৰীয়া শাখা সাহিত্য সভাৰ বৰ্তমানো উপ-সভাপতি পদ অলংকৃত কৰি থকা নিষ্ঠাৱান সাহিত্যকৰ্মী মহন্তদেৱৰ সাংস্কৃতি যাত্ৰাই মঠঘৰীয়াবাসীৰ লগতে মঠঘৰীয়াবাসীৰ লগতে মঠঘৰীয়া শাখা সাহিত্য সভালৈ গৗেৰৱ কঢ়িয়াই আনিছে।

তেখেতৰ সাংস্কৃতিক যাত্ৰা অধিক উজ্বল হৈ উঠক তাৰেই কামনা কৰিলো। পৰৱৰ্তী সময় আমি তেখেতৰ পৰা অধিক মনোগ্ৰাহী ধাৰাবাহিক দেখিবলৈ পাম বুলি আশা ৰাখিলো।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here