পেঙেৰীত স্কুলীয়া ছাত্ৰীক শোৱাপাটীৰ পৰা অপহৰণ 

0
55

প্ৰাগজ্যোতিষ বাৰ্ত, তিনিচুকীয়া , ৫ আগষ্টঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত মুংগংপথাৰ গাঁৱত দেওবাৰে পুৱতি নিশা সংৰ্ঘটিত হয় এক চাঞ্চল্যকৰ স্কুলীয়া ছাত্ৰী অপহৰণ কাণ্ড।ছাত্ৰী অপহৰণৰ এই ঘটনাক কেন্দ্ৰ কৰি  অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে পুৱতি নিশা প্ৰায় ১-৩০ বজাত ঘৰত পৰিয়ালৰ সকলোৱে শুই থকাৰ সুযোগ লৈ কোনো অচিনাক্ত লোকে ঘৰত সিন্ধি খান্দি অৰ্জুন লোহাৰৰ কন্যা তথা পেঙেৰী ব্ৰহ্মাজান এম ই স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত  ভাগৱতী লোহাৰক শোৱাপাটীৰ পৰাই অপহৰণ কৰি লৈ য়ায়।

ঘটনাৰ সন্দৰ্ভত পৰিয়ালবৰ্গই দেওবাৰে পেঙেৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে অপহৃত ছাত্ৰী গৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

ইয়াকেলৈ পৰিয়াল বৰ্গ চিন্তিত হৈ পৰিছে। পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত পেঙেৰীৰ আৰক্ষী থানাই অপহৰণৰ কেচ এটা ৰুজু কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে। স্থানীয় একাংশ সচেতন মহলৰ মতে ছাত্ৰী গৰাকী কোনো নাৰী সৰবৰাহকাৰী চক্ৰ কৱলত পৰা সম্ভৱনা নুই কৰিব নোৱাৰি।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here