গুৱাহাটীত বিজেপিৰ সদস্য ভৰ্তি অভিযান

0
14

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৬ আগষ্টঃ ৰাজ্যিক বিজেপিয়ে পূৰ্বৰ ২৯ লাখ সদস্যৰ পৰা ৪০ লাখ সদস্য বৃদ্ধিৰ লক্ষ্যৰে ইতিমধ্যে বিভিন্ন জিলাত সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিছে৷

ইয়াৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ হাতীগড় চাৰিআলিতো সদ্স্য ভৰ্তি অভিযান আৰম্ভ কৰে৷

পূৱ গুৱাহাটী মন্ডল বিজেপিৰ অন্তৰগত ৪১ নং ৱাৰ্ডৰ সহাযোগত এই অভিযোগ অনুষ্ঠিত কৰা হয়৷

বিজেপিৰ জ্যেষ্ঠ নেতা তথা শক্তিকেন্দ্ৰৰ প্ৰমুখ নাৰায়ন চন্দ্ৰ গোশ্বামী আৰু শক্তি কেন্দ্ৰৰ প্ৰমুখ দুৰ্গা ৰাম ডেকা তত্ত্বাৱধানত অনুষ্ঠিত হোৱা সদস্য ভৰ্তি অভিযানত প্ৰায় দুই শতাধিক নতুন সদস্যই সদস্য পদ গ্ৰহণ কৰে৷

উল্লেখ্য যে দহ বুথৰ সহাযোগত আৰম্ভ কৰা এই অভিযানত বুথ সভাপতি সহ দলৰ বিভিন্ন বিষয়ববীয়াই সহযোগীতা আগবঢ়াই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here