ভাধৰা পথৰ শোচনীয় অৱস্থাঃ আধাতে কাম সামৰিলে ঠিকাদাৰেঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ,৮আগষ্টঃ শিৱসাগৰ জিলাৰ এটা গুৰুত্বপূৰ্ণ পথ সিংহদুৱাৰ বালিবাট পথৰ পৰা হাৰিপৰা আলিক সংযোগ কৰা ‘ভাধৰা’ পথচোৱাৰ শোচনীয় অৱস্থাই জনসাধাৰণক জীয়াতু ভোগাইছে৷

প্ৰায় চাৰি কিলোমিটাৰ দৈৰ্ঘৰ এই পথচোৱাই ভাধৰা কৃষি পাম নিগমৰ পৰা খেলুৱাস্থিত শিৱসাগৰ মহকুমা স্বাস্থ্য বিষয়া আৰু শিৱসাগৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত হাৰি পৰা আলিক সংযোগ কৰিছে৷

এক বৃহৎ অঞ্চলৰ ৰাইজে একমাত্ৰ এই জৰাজীৰ্ণ পথচোৱাই দৈনন্দিন অহা-যোৱা কৰাৰ বাদে আন কোনো বিকল্প পথ নথকাত ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷

এনে এটা গুৰুত্বপূৰ্ণ পথৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰাত ৰাইজৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে ৷

উপায়বিহীন হৈ কেইজনমান সচেতন লোকে নিজে অৰ্থ ব্যয় কৰি সাময়িকভাবে অহা-যোৱাৰ সুবিধা কৰি লৈছিল যদিও এতিয়া বাৰিষাৰ বৰষুণৰ ফলত যাতায়তত স্থবিৰ হৈ পৰিছে৷

বৰ্তমান যাতায়তৰ অনুপযোগী হৈ পৰা এই পথচোৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা সেই সময়ৰ বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈয়ে ২০১৩ বৰ্ষৰ ১৯ নৱেম্বৰত এন্টিটেক্স শিতানত চাৰি কিলোমিটাৰ পথৰ আধাৰশিলা স্থাপন কৰিছিল৷

পৰৱৰ্তী সময়ত যদিও কামৰ কোনো নিৰিখৰ মূল্য কতো উল্লেখ নহ’ল তথাপিতো জানিব পৰা অনুসৰি এক কোটি পঞ্চাশ লাখ টকাৰ এক বৃহৎ ধনৰাশিৰ অপপ্ৰয়োগ হোৱা বুলি এক গুৰুতৰ অভিযোগ উঠিছে৷

অভিযোগ অনুসৰি চাৰি কিলোমিটাৰ পথৰ প্ৰায় ডেৰ কিলোমিটাৰমান পথৰ কাৰ্পেটিং কৰে যদিও অতি নিম্ন মানৰ কাম কৰাৰ বাবে সেয়া বৰ্তমান জহি-খহি যোৱাৰ লগতে বাকী থকা অংশ বোকা পানীৰে একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে৷

উল্লেখনীয় বিষয় এই পৰ্যন্ত কিন্তু সংশ্লিষ্ট বিভাগৰ কোনো এজন বিষয়াই বিষটোৰ প্ৰতি অকণো সদিচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত নহ’ল ৷

কি বিশেষ কাৰণত পথচোৱাৰ কাম আধাৰুৱা কৰি স্থগিত ৰাখিলে সেয়া আজিও সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত৷

সেয়ে ভূক্তভোগী ৰাইজৰ লগতে সচেতন ৰাইজে এই পথচোৱাৰ নিৰ্মাণত হোৱা বিসংগতি আৰু আধাৰুৱা কামৰ সঠিক তদন্ত কৰিবলৈ জিলা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী জনোৱাৰ লগতে অনতিপলমে উক্ত পথচোৱা যাতায়তৰ উপযোগী কৰি তুলিবলৈও আহ্বান জনাইছে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here