চৰাইদেউত টাইপাৰ উদ্যোগত ৰিক-খন-ম্যুন-খন অনুষ্ঠান সম্পন্ন

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰা,৫ আগষ্টঃ টাই আহোম সকলৰ এক ধৰ্মীয় কাৰ্য হল ৰিক- খন – ম্যুন- খন অনুষ্ঠান।

দেশ, জাতি, মাটি তথা মানৱ জাতিৰ কল্যাণৰ বাবে এই অনুষ্ঠানটি পালন কৰা হয়। দেশলৈ দুৰ্দিন আহিলে, জাতিৰ সংকটৰ সময়ত, যুদ্ধ যাত্ৰা ক্ষণত, যুদ্ধ জয়ৰ পাছত এই ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়।

সকলো জাতি জনগোষ্ঠীৰ কল্যাণৰ কামনাৰে পূৰ্বতে ৰজাঘৰীয়া পৃষ্টপোষকতাত আয়োজন কৰা হৈছিল|

বিগত বৰ্ষ সমুহৰ দৰে এইবাৰো টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ৪ আগষ্টত ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগনত আয়োজন কৰা হয় ৰিক খন মুঙ খন অনুষ্ঠান|

কাৰ্যসূচী অনুযায়ী পুৱা পতাকা উত্তোলন কৰে টাইপাৰ কাৰ্যকৰী সভাপতি লোহিত গগৈ , উদযাপন সমিতিৰ সভাপতি অতুল ৰাজকোঁৱৰ , চৰাইদেউ জিলা সমিতিৰ সভাপতি ভৃগু হাটীমুৰীয়াই | বৃক্ষৰোপণ , চিত্ৰাংকণ প্ৰতিযোগিতা , টাই সাংস্কৃতিক অনুষ্ঠানৰ লগতে এখনী মুকলি সভা আয়োজন কৰে|

এই সভাত টাইপাৰ কাৰ্যকৰী সভাপতি লোহিত গগৈ , বুৰঞ্জীবিদ দিলীপ বুঢ়াগোহাই , ধৰ্মেশ্বৰ কোঁৱৰ , অৰবিন্দ ৰাজকোঁৱৰ , প্ৰিয়বৰ কোঁৱৰ , মিন্টু দেউধাই ফুকন ( কেন্দ্ৰীয় সম্পাদক) , ডম্বৰু ৰাজকোঁৱৰ ( আইনজীৱি ) , মনোৰমা বৰগোঁহাই ( অধ্যাপিকা), ললিত গগৈকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে|

এই সভাতেই চৰাইদেউ মৈদাম ক্ষেত্ৰ উন্নয়ণৰ বাবে অৱদান আগবঢ়োৱা ১১ জন ব্যক্তিক বিশেষভাৱে মৰণোত্তৰভাৱে সন্মান জনোৱা হয়|
নিশালৈ মুল আনুষ্ঠান ৰিক খন – ম্যুং খন আয়োজন কৰা হয় | সম্পুৰ্ণ পৰম্পৰাগত টাই ৰীতি নিতিৰে এই পুজা আয়োজন কৰে |টাই পণ্ডিত টিলেশ্বৰ মহনে এই কাৰ্য সমাপন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here