অধিক শীতল পানীয় সামগ্ৰী সেৱান স্বাস্থ্যৰ বাবে ক্ষতিকাৰকঃ ডা°চত্ৰজিৎ তালুকদাৰ গৰমে দহিছে ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীঃ অতিষ্ঠ জনাসাধৰণ

0
15

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৮আগষ্টঃ আগষ্ট মাহত গৰমৰ পৰিমাণ বৃদ্ধিপোৱাৰ পৰিপ্ৰেক্ষিতত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ৷

গৰমৰ বাবে স্কুল কলেজৰ ছাত্ৰছাত্ৰীসকলে নিজ শিক্ষানুষ্ঠানলৈ যাৱলৈ অনীহা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে৷

উৎকট গৰম সহ্য কৰিব নোৱাৰি এচাম ব্যক্তিয়ে শীত তাপ নিয়ন্ত্ৰিত কোঠাত সোমায় অথবা এচি চালিত গাড়ীত উঠি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷

আন এচাম ব্যকয়ে দিনে নিশায় শীতল পানীয় সামগ্ৰী সেৱান কৰি গৰমৰ পৰা ৰক্ষা পাব বিচাৰিছে৷ আচলতে এনকুৱা অভ্যাসে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷এয়া আমাৰ কথা নহয় ৷

ডাউন টাউন হাস্পতালৰ ই এন টি বিভাগৰ চিকিৎসক ডা°চত্ৰজিৎ তালুকদাৰৰ ৷অলপতে প্ৰাগজ্যোতিষ বাৰ্তা নিউজ পোৰ্টেলৰ এক আাছুতীয়া সাক্ষাৎকাৰত তেওঁ এই সন্দৰ্ভত কয় যে অধিক শীতল পানীয় সামগ্ৰী সেৱানৰ লগতে অধিক এচি বতাহ শৰীৰৰ বাবে উপযোগী নহয়৷

ইয়াৰ ফলত সহজেই জ্বৰ চৰ্দি উপৰিও চাইনিজ তনচিল ’লেৰিন জাইটিছ’ ফেৰিনজাইটিছ বেমাৰ হোৱাৰ সম্ভাৱনা অধিক৷

এই সম্পৰ্কে ইন এন টি বিভাগৰ চিকিৎসক ডা° সিভা বালাজীয়ে কয় অতিপাত গৰমত বাহিৰৰ পৰা ঘুৰি আহিয়ে হঠাৎ পানীয় সামগ্ৰী সেৱান কৰা অনুচিত৷

ইয়াৰ ফলত ডিঙিৰ ৰোগ হোৱাৰ সম্ভাৱনা যঠেষ্ট৷

তেওঁ লগতে বাহিৰত যোৱা সময়ত ধুলি বালিৰ পৰা পৰিত্ৰাণ পাবলৈ মুখ চেফ্ ৰখাৰ পৰামৰ্শ দিয়ে৷

যিয়ে হয়তো আপোনাৰ চাইনিজ জাতীয় ৰোগৰ পৰা সকাহ পাব ৷হঠাৎ শীতল পানীয় সামগ্ৰী খোৱা উচিত নহয় ৷

যাৰ ফলত ডিঙিৰ ৰোগ হোৱাৰ সম্ভাৱনা অধিক৷ বালাজীয়ে লগতে কয় বাহিৰৰ পৰা ঘৰত সোমোৱাৰ পিছত হাত মুখমণ্ডল পৰিস্কাৰ কৰি ধুই শুকান কাপোৰৰে মুছি কিছু সময় এচিৰ বতাহ ল’ব নালাগে৷

ইয়াৰ বাবে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here