ছাফাই কৰ্মী ৰূপত অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

0
16

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,৮আগষ্টঃ সময়ত অসমৰ চৰকাৰখনে প্ৰাৰ্থমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাঙ্গীন উন্নতিৰ কথা চিন্তা কৰি আহিছে তেনে সময়তেই লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত ২নং কাকীৰ জনকল্যান প্ৰাৰ্থমিক বিদ্যালয়ৰ লক্ষীপ্ৰভা দেবী নামৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে|

চৰকাৰী নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহ পুৱা ৯ বজাৰ পৰাই পাঠদান কৰিব লাগে যদিও যদিও গৰমৰ বন্ধ শেষ হোৱাৰ পাছত ১ তাৰিখৰ পৰাই বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰিব লাগে চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি বিভিন্ন আজুহাতত শিক্ষয়ত্ৰীগৰাকীয়ে পাঠদান কৰাৰ পৰা বিৰত থাকি পাঁচদিনৰ পাছত বিদ্যালয়ৰ্ পাঠদান আৰম্ভ কৰে যদিও পুৱা ১০ বজালৈকে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰোৱাৰ পৰিৱৰ্তে বিদ্যালয়ৰ ছাফাই কৰোৱাৰহে পৰিলক্ষতি হয়|

চৰকাৰী নিৰ্দেশনাক অবমাননা কৰা এনে ধৰণৰ কৰ্মচাৰীৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যবস্থা গ্ৰহণ কৰিবনে সেয়া আমাৰ প্ৰতিবেদনৰ পিছতহে লক্ষণীয় হ’ব|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here