প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,৮আগষ্টঃ হোজাই জিলাৰ লংকাৰ ২নং কপিলীপাৰৰ দুটি শিশুৱে এটি জান পাৰ হবলৈ গৈ সাৱটি লয় কৰুণ মৃত্যুক।
কপিলীপাৰৰ আইনুল হক নামৰ লোকজনৰ দুই পুত্ৰ ক্ৰমে ৭বছৰীয়া মেহবুব আলম আৰু ৪ বছৰীয়া ছাজিব আলমে কপিলীপাৰৰ মছজিদৰ নামাজৰ পৰা ঘৰলৈ উভতি অহাৰ পথতে লংকাজান নামৰ জানটো পাৰ হ’ব খোজোতেই জানটোৰ কোৱাল সোঁতে দুয়ো ভাতৃকে উটুৱাই লৈ যায়।
এই দৃশ্য প্ৰত্যক্ষ কৰি পিতৃ আইনুল হকৰ লগতে লগত থকা আন লোকে দুয়ো শিশুকে উদ্বাৰৰ চেষ্টা চলায় যদিও দুয়োৱে সাৱটি লয় এক কৰুণ মৃত্যুক।
এই ঘটনাৰ বহু পলমকৈ খবৰ পোৱা আৰক্ষী আৰু উদ্ধাৰকাৰী দলে পৰৰ্ৱতী সময়ত উপস্থিত হৈ দুয়ো শিশুৰে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Facebook Comments