তিনিচুকীয়াত ব’ল ব’মলৈ যোৱা শিশু সন্ধানহীন 

0
13

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া,৮আগষ্টঃ তিনিচুকীয়া শিৱ ধামলৈ ব’ল ব’মলৈ বুলি যোৱা এটি শিশু সন্ধানহীন হোৱাত অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে।

যোৱা ৪ আগষ্টত তিনিচুকীয়া শিৱ ধামলৈ বুলি ব’ল ব’ম দলৰ লগত যোৱা ১১ বছৰীয়া শিশুটি তিনিচুকীয়া শিৱ ধামৰ ওচৰৰ পৰাই সন্ধানহীন হোৱাৰ ঘটনাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । 

জানিব পৰা মতে, তিনিচুকীয়া জিলা ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত পাৱৈ চাহ বাগিচাৰ নিবাসী জীতেন ওৰাংৰ পুত্ৰ দিল কুমাৰ ওৰাং (১১ ) ব’ল ব’ম অনুস্থানলৈ গৈ বিয়লি প্ৰায় ৪-৩০ বজাৰ পৰা নিৰুদেশ হৈ আছে।

বগা হালধীয়া ছাৰ্ট আৰু জীনছ পেণ্ট পৰিহিত শিশুটিক পৰিয়ালবৰ্গই বহু বিচাৰ খোচাৰ কৰে যদিও শিশুটি একো সম্ভেদ উলিয়াবলৈ সক্ষম নহ’ল।

উপায়ন্তৰ হৈ ঘটনাটোৰ সন্দৰ্ভত পৰিয়ালবৰ্গই মঙলবাৰে তিনিচুকীয়া সদৰ আৰক্ষী থানাত শিশুটি নিৰুদ্দেশ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে শিশুটি কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here