ডিগবৈত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত এজন

0
33

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,৮আগষ্টঃ তিনিচুকীয়া জিলাখনত উদণ্ড বাইক চালকৰ বাবে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে।

তৈলনগৰী ডিগবৈত ইয়াৰ পৰিমান সবাধিক বৃদ্ধিপাবলৈ ধৰিছে।তীব্ৰবেগী উদণ্ড বাইক চালকে মহতিয়াই নিছে এজনৰ পাছত আনজন পথাচাৰীক।

মঙ্গলবাৰে নিশা ডিগবৈ-মুলিয়াবাৰী পথত সংঘটিত হ’য় এনে এক পথ দুৰ্ঘটনা। তীব্ৰ বেগী বাইক চালকৰ প্ৰচণ্ড খুন্দাত গুৰুত্বভাৱে আহত হয় গৌৰৱ ঘোষ নামৰ এজন বাইচাইকেল আৰোহী।

গুৰুতৰভাৱে আহত গৌৰৱক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হ’য়৷ অন্যহাতে দুৰ্ঘটনাটোত দেৱজিত দাস নামৰ উদণ্ড বাইক আৰোহীজনো আহত হ’য়৷

ডিগবৈত উদণ্ড বাইক চালকৰ বাবেই পূৰ্বেও বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈ গৈছে। উদণ্ড বাইক চালকক নাকি লগাব নোৱাৰিলে এনে দুৰ্ঘটনা যে সংঘটিত হৈয়ে থাকিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here