তিনিচুকীয়াত দুৰ্ধৰ্ষ আলফা সদস্য আত্মসমপৰ্ণ

0
10

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া , ৮ আগষ্টঃ তিনিচুকীয়া জিলাখনত ক্ৰমাত সক্ৰিয় হৈছে বিদ্ৰোহী সংগঠনসমূমৰ কাৰ্যকলাপ ।

ইজনৰ পিছত সিজন বিদ্ৰোহী সংগঠনৰ দুৰ্ধৰ্ষ নেতা আটক হৈ থকাৰ মাজতে পুনৰ তিনিচুকীয়াত আলফা স্বাধীনৰ দুই দুধৰ্ষ সদস্যই আত্মসমৰ্পণ কৰিছে ।

তিনিচুকীয়া জিলাৰ পেঙেৰীৰ টেকেৰী গাঁৱত আত্মসমৰ্পণ দুই দুধৰ্ষ আলফা সদস্যৰ৷ গোপন সূত্ৰৰ তথ্য অনুসৰি, তিনিচুকীয়া আৰক্ষী,২১০বেটেলিয়ন কোব্ৰা, 68 BN CRPF, 21 PARA SF আৰু সেনাৰ ৩নং গাৰোৱাল ৰেজিমেণ্টে চলোৱা এক যুটীয়া অভিযানত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় আলফা স্বাধীনৰ দুয়োগৰাকী কেডাৰে৷

আত্মসমৰ্পণকাৰী দুই আলফা সদস্যৰ নাম ক্ৰমে ধেমাজিৰ প্ৰণৱজ্যোতি বৰা ওৰফে ৰিদীপ অসম আৰু শদিয়াৰ অমৰপুৰৰ ৰোহিত কুলি ওৰফে পল অসম৷

আত্মসমৰ্পণকাৰী দুই আলফা কেডাৰৰ পৰা দুটা বিদেশত নিৰ্মিত চাইনীজ হেণ্ড গ্ৰেণেড জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here