মাৰ্ঘেৰিটাৰ পাৱৈত নৃশংস হত্যাকাণ্ডঃ হানি খুচি এজন লোকক হত্যা কৰি পেলাই থৈ যায় পুখুৰীত

0
29

প্ৰাগজ্যোতিষ বাৰ্তা তিনিচুকীয়া ,৮ আগষ্টঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ অন্তৰ্গত পাৱৈৰ আগবন্ধাৰা ২০ নম্বৰ বস্তী লাইনত আজি পুৱা এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘঠিত হয়।

দিন হাজিৰা কৰি জীৱন যাপন কৰি থকা ৰাম ভূমিজ(২৬) নামৰ  লোক জনে পুৱা প্ৰাতঃ কৰ্ম  কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে হানি খুচি হত্যা কৰে লোকজনক।

কাষতে থকা পাৱৈ চাহ বাগানৰ তিনিজন চকীদাৰে মিলি লোকজনক মৰিয়াই মৰিয়াই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰি ওচৰতে থকা এটা পুখুৰী  পেলাই থৈ যোৱা বুলি অভিযোগ তুলিছে প্ৰত্যক্ষদৰ্শীয়ে।সমগ্ৰ ঘটনাটো এগৰাকী এঘাৰ বছৰীয়া ছোৱালীয়ে প্ৰত্যক্ষ কৰি আছিল কেনেদৰে লোক কেইজনে ৰাম ভূমিজক মৰিয়াই মৰিয়াই হত্যা কৰিছিল।

হত্যাকাৰী কেইজন হ’ল পাৱৈ চাহ বাগিচাৰ চকীদাৰ হিচাপে কৰ্মৰত  স্বনা খাৰিয়া,জেমস ত্বপ্প,অলি তাঁতী বুলি জানিব পৰা গৈছে।

হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

বৰ্তমানলৈকে আৰক্ষীয়ে এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই।ঘটনাক লৈ চাহ বাগিচাৰ লাইনত অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here