মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ভাস্কৰ শৰ্মা ফেনচ ক্লাৱৰ আৰ্থিক সাহায্য প্ৰদান

0
10

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া, ৮ আগষ্টঃ তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ অনুৰাগী সকলেৰে গঠিত ভাস্কৰ শৰ্মা ফেনচ্ ক্লাৱ নামৰ বেচৰকাৰী সংগঠনটোৱে যোৱা মংগলবাৰে মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত সৰ্বমুঠ এঘাৰ লাখ একচল্লিছ হাজাৰ টকাৰ চেক্ প্ৰদান কৰে৷

বিভিন্ন ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিধায়ক ভাস্কৰ শৰ্মাইও নিজৰ এমাহৰ দৰমহা ফেনচ্ ক্লাৱৰ বান সাহায্য পুঁজিলৈ আগবঢ়াই৷

বিধায়ক ভাস্কৰ শৰ্মাৰ ফেনচ্ ক্লাৱৰ প্ৰতিনিধি দলৰ লগতে বিধায়ক ভাস্কৰ শৰ্মাই মংগলবাৰে মুখ্যমন্ত্ৰী সোণোৱালক দিছপুৰস্থিত কাৰ্যালয়ত সাক্ষাৎ কৰি উক্ত ধনৰাশি প্ৰদান কৰে৷

প্ৰতিনিধিদলটোৰ সদস্য সকল ক্ৰমে ভাস্কৰ শৰ্মা ফেনচ ক্লাৱৰ মুখ্য আহ্বায়ক ৰূপম বৰুৱা, বিধায়কৰ সমষ্টিৰ কামকাজৰ তত্বাৱধায়ক জ্যোতিষ সোনদাস, জাগুণ জিলাপৰিষদৰ সদস্য বোধ প্ৰকাশ উপাধ্যায় আৰু লেখাপানী আঞ্চলিক পঞ্চায়তৰ সদস্য নৱ দত্ত এই চেক প্ৰদানৰ মুহূৰ্তত উপস্থিত থাকে৷

ভাস্কৰ শৰ্মা ফেনচ ক্লাৱে লোৱা এই পদক্ষেপক অঞ্চলবাসীয়ে ভূয়সী প্ৰসংসা কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here