বৃহৎ নদীবান্ধ বন্ধৰ দাবীত ডিগবৈত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া, ৮ আগষ্টঃ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আজি বৃহত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।প্ৰতিবাদকাৰীসকলে ডিবাং ভেলী জলবিদ্যুৎ প্ৰকল্পৰ লগতে উত্তৰ পূৰ্বাঞ্চলত নিৰ্মীয়মান সকলোবোৰ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ডিগবৈ মাৰ্ঘেৰিটা পেঙেৰী আঞ্চলিক সমিতিয়ে আজি ডিগবৈৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰুপায়ণ কৰে৷

প্ৰতিবাদকাৰী সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহেৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনৰ বিষয় ববিয়াসকলে অতি শীঘ্ৰে নদীবান্ধ নিৰ্মাণকাৰ্য বন্ধ নকৰিলে পৰিবেশ উত্তাল কৰাৰ হুংকাৰ দিয়ে।

উল্লেখ্য যে, ডিবাং ভেলী জলবিদ্যুত প্ৰকল্পৰ নদী বান্ধ বন্ধ কৰাৰ দাবীত বিভিন্ন সময়ত দল সংগঠন সমূহে মাত মাতি আহিছে যদিও এই পৰ্য্যন্ত চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে তিনিচুকীয়াৰ বিভিন্ন দল সংগঠন ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আজি ডিগবৈত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে ৰাজ্য চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ গ’ বেক, বৃহৎ নদীবান্ধ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here