ডিগবৈ পথৰ মাজত বাট হেৰুৱা এটি শিশু উদ্ধাৰ

0
24

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা, ৮ আগষ্টঃ তিনিচুকীয়া জিলা তৈলনগৰী ডিগবৈত এটি প্ৰায় ন বছৰীয়া শিশু সোমবাৰৰ নিশা ডিগবৈ পথৰ মাজত অকলে খোজ কাঢ়ি ঘূৰি ফুৰাত গোলাইৰ একাংশ মহিলাই শিশুটোক উদ্ধাৰ কৰে।

ৰাহুল তাঁতী বুলি পৰিচয় দিয়া শিশুটোৱে নিজৰ ঘৰ ক’ত সেইয়াও ভালকৈ কব পৰা নাই।যোৱা দেওবাৰে ব’ল বোম চাবলৈ আহি বাট হেৰুৱা বুলি শিশুটোৱে জানিবলৈ দিয়ে।

শিশুটোক গোলাইৰ কৰণ মুঢ়া নামৰ যুৱক এজনৰ ঘৰত বৰ্তমানে আশ্ৰয় দি ৰখা হৈছে। শিশুটি সম্পৰ্কে ডিগবৈ আৰক্ষী থানাত জনোৱা হৈছে যদিও তিনিদিন অতিক্ৰম কৰাৰ পাছতো শিশুটোৰ ঠিকনাৰ কোনো পৰিচয় ওলোৱা নাই ।

শিশুটি পৰিচয় উদ্ধাৰৰ বাবে অৱশেষত কৰণ মুঢ়া পৰিয়ালটোৱে সাংবাদিকৰ কাষ চাপে।কোনো লোকে শিশুটিক চিনাক্ত কৰিব পাৰিলে ডিগবৈ আৰক্ষী থানাৰ লগত যোগাযোগ কৰিব পৰিয়ালটোৱে অনুৰোধ জনাইছে।

শিশুটি ঘৰৰ পৰিচয় উদ্ধাৰৰ বাবে মাৰ্ঘেৰিটা স্থিত লিগেল নেট’ৱ’ক চেণ্টাৰ নামৰ স্বেচ্ছাসেবী সংগঠনটোৱেও চেষ্টা অব্যাহত ৰাখিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here