ভাৰতবৰ্ষৰ লগতে অসমতো PMAYG আঁচনি গৃহসমূহ আধাৰশিলা স্থাপন কৰে

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া,৮আগষ্টঃ শাসনাধিষ্টিত চৰকাৰ এক প্ৰসংশনীয় পদক্ষেপ ।ভাৰত লগতে অসম ৰাজ্যৰ তথা ধেমাজি জিলাটো এই PMAYG আঁচনি গৃহ আধাৰশিলা স্থাপন কৰা সমান্তৰালভাৱে দেখা পোৱা গৈছে।

বৰদলনি উন্নয়ন খণ্ড অন্তৰ্গত বৰদলনি গাওঁ পঞ্চায়ত ৮নং ৱাড চৌখাম গাওঁ ত আজি পোৱা ভাগত দীপলাল শইকীয়া গৃহটিৰ আধাৰশিলা স্থাপন কৰা পৰিলক্ষিত হয় ।

উক্ত গৃহ আধাৰশিলা স্থাপন কৰে ধেমাজি জিলা যুৱ মৰ্চা যুটীয়া সম্পাদক প্ৰনৱ কুমাৰ দাসে আৰু উপস্থিত থাকে বৰদলনি গাওঁ পঞ্চায়ত GRS ৰীতা চেতিয়া দাস , চন্দ্ৰ চেখৰ হাজৰিকাই।

উক্ত গৃহ বাবদ চৰকাৰে ১,৩০,০০০/=এক লাখ ত্ৰিশ হাজাৰ টকা আৱন্তন কৰে।আৰু প্ৰথম পৰ্য্যায়ত ৩০,০০০/=টকা হিতাধিকাৰি গৃহ টি বনাবলৈ আৱন্তন দিছে আৰু বাকী টকা সমূহ চৰকাৰী নিয়ম অনুসৰি পৰ্যায়ক্ৰমে দিব বুলি বৰদলনি গাওঁ পঞ্চায়ত কৰ্মচাৰীয়ে জানিব দিয়ে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here