প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী,৮আগষ্টঃ ধেমাজি জিলা, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভেবেলি তিনিআলি হৈ তুলসীৰ বাৰী সংযোগী এটি পথ।
পথটো PWD ৰ অধীনত আছে যদিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ অথবা জনপ্ৰতিনিধিৰ।
উল্লেখ্য যে নগাঁও মাজ মজিয়া থকা পকি কালভাত টি এবছৰ পূৰ্বে বাঢ়নী পানীৰ ফলত একহাত তললৈ ডুবি যোৱা পৰিলক্ষিত হয়।
উক্ত পথৰ সোঁমাজত পুখুৰীৰ সদৃশ ডাঙৰ গাঁত দেখা পোৱা যায়। লগতে কালভাৰ্ট টি কাষৰ দেৱালসমূহত ফাঁট মেলে আৰু কাষৰ মাটিসমূহ খহি যোৱা পৰিলক্ষিত হয়।
ইয়াৰ ফলত পথচাৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ উপৰিও দ খাৱৈত পৰি আঘাতপ্ৰাপ্ত হ’ব লগা হৈছে বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
Facebook Comments