প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৯আগষ্টঃ বৃহস্পতি বাৰে গুৱাহাটীস্হিত ৰাজ্যিক সংগ্ৰহায়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত গৰিয়সীৰ উদ্যোগত অসমীয়া ভাষা সাহিত্যৰ অন্যতম পুৰোধা ব্যক্তি চন্দ্ৰ প্ৰসাদ শইকীয়া স্মাৰক বক্তৃতা অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটিত ‘অসমীয়াৰ ভাষা সাহিত্যৰ ভৱিষ্যত’ শীৰ্ষক এক বক্তৃতাত জ্যেষ্ঠ সাংবাদিক ডঃ কনক সেন ডেকাই একনাতিদীৰ্ঘ ভাষণ আগবঢ়াই কয়, অসমীয়া ভাষা জীয়াই ৰখাৰ স্বাৰ্থত আমি সকলোৱে হাত উজান দিব লাগিব, তেতিয়া আমাৰ ভাষাটোৰ কেতিয়াও মৃত্যু নহ’ব। কেইবগৰাকীও বিশিষ্ট লেখক, সমালোচকৰ উপস্থিতয়ে অনুষ্ঠানটি অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে।
Facebook Comments