স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত ধেমাজি আৰক্ষীৰ বৃহৎ সফলতা

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া,৯আগষ্টঃ ধেমাজিৰ অসম অৰুনাছল সীমান্তৱৰ্তী লাইপুলিয়াত ভাৰতৰ জাতীয় পতাকা দাহ কৰি আলফাৰ পতাকা উত্তোলন কৰিলে আলফাই৷

History says that the truth Assam never belongs to India. We want Independence আৰু Freedom is our birth right-let us consume our sovereignty আদি বেনাৰ লিখি video shoot কৰিছিল আলফা সদস্যই৷

আৰু এই সমগ্ৰ দৃশ্য আলফা সদস্যই মবাইলত আৱদ্ধ কৰি ছ’চিয়েল মেডিয়াত আপলোড কৰিবলৈ লওঁতেই জালত পৰে আৰক্ষীৰ৷

আলফা নেতৃত্বলৈও এই বাৰ্তা চাৰি আলফা সদস্যই দিব খুজিছিল বুলি প্ৰকাশ কৰিছে ধেমাজিৰ আৰক্ষী অধীক্ষৰ ৰাকেশ ৰেড্ডীয়ে৷

গ্ৰেপ্তাৰ হোৱা চাৰিজন আলফা সদস্যৰ পৰা দুখন আলফাৰ পতাকা, চাৰিটা মোবাইল ফোন, দাহ কৰা জাতীয় পতাকাৰ কিছু অংশ, মুখত মৰা তিনিখন ৰূমাল সদৃশ কলা কাপোৰ, AS 22 F 2118 নম্বৰৰ এখন FZ য়ামাহা বাইক, দুখন বগা কাগজৰ আলফাৰ সমৰ্থনত পোষ্টাৰ আৰু এখন খুকুৰী৷

গ্ৰেপ্তাৰ হোৱা চাৰি আলফা সদস্যৰ নাম প্ৰাৰ্থজিত কোঁৱৰ( বয়স ২১ বছৰ ) আৰু মৃনাল ফুকন (১৮ বছৰ )দুয়োৰে ঘৰ ধেমাজিত৷

আন দুজন জোনাক বৰুৱা ( বয়স ১৮ বছৰ ) আৰু উদয় বৰুৱা (২৩ বছৰ)ৰ ঘৰ ডিব্ৰুগড়ৰ লাহোৱালত৷

২০০৪ চনৰ ১৫ আগষ্টত আলফাই ধেমাজিত সংঘটিত কৰা বোমা বিষ্ফোৰণ কাণ্ডৰ ৰায়দানৰ পিচত জিলাখনত আলফাৰ সক্ৰিয়তা জাহিৰ কৰাৰ লগতে ৰাইজক আলফাৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যৰেই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে ধেমাজি আৰক্ষীয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here