প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,৯আগষ্টঃ লংকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ আহত মাতৃ কন্যা।
লংকাৰ ১ নং পিপলপুখুৰীত সংঘটিত হৈছে এই দুৰ্ঘটনা।
পাকঘৰত ৰান্ধি থকাৰ সময়ত অসাবধানতাৰ বাবে সংঘটিত হয় এই অঘটন।
আজি বিয়লি সংঘটিত হৈছে এই ঘটনা।
আহত আকাশিনী দেৱী আৰু বিনীতা দেৱী নামৰ দুই মাতৃ-কন্যা।
ততাতৈয়াকৈ পৰিয়ালৰ লোকে দুয়োকে ভৰ্তি কৰায় লংকা খণ্ড প্ৰাথমিক চিকিৎসালয়ত।
ইয়াৰে বিনীতা দেৱী নামৰ কিশোৰীগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসকে।
ইতিমধ্যে দুয়োকে উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰা হৈছে।
Facebook Comments