লংকাত নিজৰ এবছৰীয়া সন্তানসহ মাতৃৰ ৰেলৰ আগত আত্মজাহ

0
22

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,৯আগষ্টঃ পুৱা লংকাৰ ২নং ৰেলৱে গেইটত এক কৰুণ, শোঁকাবহ ঘটনা সংঘটিত হয়|

নিজৰ এবছৰীয়া সন্তানক কোলাতলৈ এগৰাকী মাতৃৰ আত্মজাহ দিয়ে|

উজনীমূৱা অবধ অসম এক্সপ্ৰেছ ৰে’লৰ আগত এই ঘটনা|

ৰে’লৰ চিৰিৰ ওপৰত চিন্নভিন্ন অৱস্হাত পৰি থকা মাতৃৰ মৃতদেহৰ কিছু আঁতৰত পৰি থকা কনমানি সন্তানৰ মৃতদেহৰ দৃশ্যই উপস্হিত সকলোকে কন্দোৱাই তুলিছে|

কনমানিটিৰ কাষত পৰি ৰৈছে বিস্কুটৰ পেকেটো|মাতৃ আৰু সন্তানৰ মৃতদেহৰ পৰিচয় উদ্ধাৰ হোৱা নাই এই পৰ্যন্ত|

ঘটনাৰ কাষত থকা ২নং ৰেলগেইটৰ গেইটমেনৰ সন্মুখতে সংঘটিত হল এই ঘটনা|

পুৱা ৭মান বজাতে সংঘটিত ঘটনাৰ পিছত মৃতদেহৰ ওপৰেদি পাৰ হৈ গৈছে কেইবাখনো ৰে’ল|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here