জৰাজীৰ্ণ অবস্থাত ৰাস্তা ঘাটঃ বাঁহ দলংঙে জীয়াতু ভোগাইছে পথচাৰীক

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি,১০আগষ্টঃ বৰদলনি উন্নয়ন খণ্ড অন্তৰ্গত, মিছামাৰি গাওঁ পঞ্চায়ত অধীনত থকা এটা জৰাজীৰ্ণ পথ।

হিলৈমাৰী তিনিআলি পৰা কদমগুৰি সংযোগী পথ চোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে স্থানীয় ৰাইজে তেনে নৰক যন্ত্ৰনা ভূগীব লগা হয়।

উক্ত পথ চোৱা এনে দুৰৱস্হা বাবে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু ৰুগী ব্যক্তিসকলে খুব প্ৰকাশ কৰে। দেখিবলৈ পোৱা গৈছে পথ চোৱাত বোকা হোৱা ফলত গাড়ী,মটৰ চলাচল দূৰৰ কথা আনকি পথচাৰীয়ে খোজ কাঢ়িবলৈ চিন্তাত পৰিব লগা হৈছে।

উল্লেখ্য যে হিলৈমাৰী পৰা ৰঙাজান লৈ আজি ছয় মাহ পূৰ্বে পথটি নিৰ্মাণৰ বাবদ চৰকাৰ পুঁজি পৰা ছয় লাখ টকা আৱন্তন দিছিল যদিও পথটোত কোনো ধৰণৰ ফল নধৰিল বুলি স্থানীয় ৰাইজে অৱগত কৰে। এচাম মধ্য ভূগীয়ে নিজৰ মই-মতালীৰে পথটো কামৰ সামৰণি মাৰে।

অতি পৰিতাপৰ বিষৰ যে গাওঁখনৰ মাজ মজিয়াত থকা নদীখনৰ পৰা যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথা অৱগত কৰে। এই নদীৰ ওপৰত এখন পকি দলং নিৰ্মাণ কৰি দিব বাবে চৰকাৰক বহুবাৰ আবেদন কৰা পাছতো সমস্যাসমূহ সমাধান নহ’ল।

চৰকাৰলৈ বাট চাই ভাগৰি স্থানীয় ৰাইজে নিজেই শ্ৰমদান কৰি বাঁহ দলঙখন সাঁজী লৈ যাতায়ত কৰিছিল যদিও বৰ্তমানে বাঁহ দলঙখন জহী খহি যোৱা পৰিলক্ষিত হয়। এনে অৱস্থা দেখিও গড়কাপ্তানি বিভাগৰ কৃতপক্ষই কোনো ধৰণৰ সহাৰি জনোৱা নাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here