নাগপুৰত লঘু উদ্যোগ ভাৰতীৰ ৰূপালী জয়ন্তী সমাৰোহঃ আৰ এছ এছ প্ৰধান ড° মোহন ভাগৱতে কৰিব উদ্বোধন

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ মনোজ ডেকাৰ পৰা,১০ আগষ্টঃ লঘু উদ্যোগ ভাৰতীৰ ৰূপালী জয়ন্তী সমাৰোহ অহা ১৬আগষ্টৰ পৰা ১৮ আগষ্টলৈ তিনিদিনীয়া কাৰ্যসূচীৰে নাগপুৰত অনুষ্ঠিত কৰা হৈছে৷

এই সমাৰোহত লঘু উদ্যোগ সমুহত জড়িত নীতিসমূহৰ বিষয়ত পৰ্যালোচনা কৰা হ’ব৷

ৰূপালী জয়ন্তী সমৰোহখন আৰ এছ এছ প্ৰধান ড° মোহন ভাগৱতে উদ্বোধন কৰিব৷

সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী ‘পিয়ুষ গোৱেল’ ৰাজ্য স্বতন্ত্ৰ মন্ত্ৰী সন্তোষ কুমাৰ গংগৱাৰ আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱীছ বিশিষ্ট ব্যক্তিহিচাপে উপস্থিত থাকিব৷

আজি গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত লঘু উদ্যোগ ভাৰতীৰ সভাপতি বি এল আগৰৱালাই কয় এই সমাৰোহত দেশৰ বিভিন্ন ৰাজ্য তথা জিলাৰ ১২৫ উদ্যোগী সংগঠনক স্বীকৃতি দিয়া হ’ব৷ উত্তৰ পূৰ্বাঞ্চলৰ ২১ আৰু অসমৰ ১০ সংগঠনক স্বীকৃতি দিয়া হ’ব৷

উল্লেখ্য যে সংবাদ মেলখনত ৰবিশংকৰ, অৰুপ বৰপুজাৰী আৰু অনুপ আগৰৱালা উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here